অসম

assam

By

Published : Nov 7, 2020, 10:06 AM IST

ETV Bharat / state

উন্নয়নৰ দাবীৰে মাৰ্ঘেৰিটাত প্ৰতিবাদ

মাৰ্ঘেৰিটা মহকুমাধিপতি কাৰ্যলয়ৰ সন্মুখত ব্যাপক প্ৰতিবাদ ৷ বিভিন্ন দল-সংগঠনে বিধায়ক ভাস্কৰ শৰ্মাৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ ৷ এই চৰকাৰৰ দিনত উন্নয়ন সাধন নোহোৱাৰ অভিযোগ ৷ বুঢ়ীদিহিং মৌজাৰ উন্নয়নৰ ক্ষেত্ৰত ব্যৰ্থ অসম চৰকাৰ।

protest
protest

মাৰ্ঘেৰিটা, 7 নবেম্বৰ :মাৰ্ঘেৰিটাত বিধায়কৰ বিৰুদ্ধে প্ৰতিবাদ ৷ ভাস্কৰ শৰ্মা হায়-হায়, বিজেপি গ’ বেক আদি ধ্বনিৰে উত্তাল হৈ পৰিল মাৰ্ঘেৰিটা । বুঢ়ী দিহিং মৌজাৰ বিভিন্ন সমস্যাৰ সমাধানৰ দাবীত শুকুৰবাৰে গণ ঐক্য সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিকে আদি কৰি কেইবাটাও জাতীয় দল সংগঠনে প্ৰায় ৫ শতাধিক ৰাইজৰ সহজোগত মাৰ্ঘেৰিটাত এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ উত্তৰ মাৰ্ঘেৰিটা ৰংগমঞ্চৰ পৰা প্ৰতিবাদকাৰী সকলে পদযাত্ৰা কৰি মাৰ্ঘেৰিটা মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত এক বিক্ষোভ কাৰ্যসূচীৰ ৰূপায়ন কৰে ৷

উন্নয়নৰ দাবীৰে মাৰ্ঘেৰিটাত প্ৰতিবাদ

অখিল গগৈ অতি শীঘ্ৰে মুক্তি দিয়ক, অসম মালা পথৰ স্থিতি স্পষ্ট কৰক, বুঢ়ীদিহিং মৌজাত থকা বৰ্ত্তমানৰ চিকিৎসালয় সমূহত চিকিৎসক দিয়াৰ ব্যৱস্থা কৰা লগতে কৈলাসপুৰ অঞ্চলত এখন চিকিৎসালয় নিৰ্মাণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক, মাইক্ৰফাইনেঞ্চৰ ঋণ ৰেহাই দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰক, বুঢ়ীদিহিং মৌজাৰ চিকৰাজান, কৈলাসপুৰ, মহং আৰু টেকেৰীত চাহ উদ্যোগ স্থাপন কৰক আদি বিভিন্ন দাবী উত্থাপন কৰে প্ৰতিবাদকাৰীয়ে ৷ ইয়াৰ লগতে বুঢ়ীদিহিং নৈৰ মধ্যস্থানৰ লগতে বুঢ়ীদিহিং মৌজাৰ উপনৈ সমূহত শীঘ্ৰে দলং নিৰ্মাণ, অতিশীঘ্ৰে প্ৰস্তাৱিত আদৰ্শ মহাবিদ্যালয় খনৰ গৃহ নিৰ্মাণৰো দাবী উত্থাপন কৰে সংগঠন কেইটাই ৷

লগতে পঢ়ক :আৰক্ষী চকীত প্ৰৱেশ কৰি আৰক্ষীক আক্ৰমণ দুৰ্বৃত্তৰ

ABOUT THE AUTHOR

...view details