অসম

assam

ETV Bharat / state

Rape case in Tinsukia : নাবালিকা ধৰ্ষণকাৰীক গ্ৰেপ্তাৰৰ দাবীত তিনিচুকীয়াত পথ অৱৰোধ - ধৰ্ষণকাৰীক বিজেপি দলে সুৰক্ষা প্ৰদানৰ অভিযোগ

নাবালিকা ধৰ্ষণকাৰীক ২৪ ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰৰ দাবীত বাহাদুৰ চাৰিআলিত পথ অৱৰোধ, উত্তাল প্ৰতিবাদ ৷ ধৰ্ষণকাৰীক বিজেপি দলে ৰক্ষণাবেক্ষণৰ অভিযোগ দল-সংগঠনৰ (Tinsuka police not able to arrest rapist) ৷

Etv Bharat
Etv Bharat

By

Published : Mar 29, 2023, 10:33 PM IST

নাবালিকাৰ ধৰ্ষণকাৰীক গ্ৰেপ্তাৰৰ দাবী

তিনিচুকীয়া, 29 মাৰ্চ : এগৰাকী নাবালিকাৰ ধৰ্ষণকাৰীক গ্ৰেপ্তাৰৰ দাবীত উত্তাল তিনিচুকীয়া জিলাৰ বাহাদুৰ চাৰিআলি ৷ ঘটনা সন্দৰ্ভত জানিবলৈ পোৱা মতে, তিনিচুকীয়া জিলাৰ বৰডুবি আৰক্ষী থানাৰ অন্তৰ্গত এগৰাকী ১৩ বছৰীয়া নাবালিকাক ২০ মাৰ্চৰ দিনা ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে সমুন্দ্ৰে ৰায় নামৰ এগৰাকী লোকৰ বিৰুদ্ধে । পৰৱৰ্তী সময়ত পৰিয়ালবৰ্গই ২১ মাৰ্চৰ দিনা বৰডুবি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে যদিও আজি পৰ্যন্ত অভিযুক্ত সমুন্দ্ৰে ৰায়ক গ্ৰেপ্তাৰ নকৰাত সৰৱ হৈ পৰিছে স্থানীয় বিভিন্ন দল সংগঠনৰ লগতে সচেতন ৰাইজ (Protest for demanding arrest of rapist) ৷

উল্লেখ কৰা প্ৰয়োজন যে, ধৰ্ষণ কাণ্ডৰ অভিযুক্ত সমুন্দ্ৰে ৰায় বিজেপি দলৰ সৈতে জড়িত বুলি অভিযোগ কৰিছে প্ৰতিবাদকাৰী দল-সংগঠনে ৷ সেয়েহে আৰক্ষী-প্ৰশাসনে দোষীক কৰায়ত্ত কৰাৰ পৰিৱৰ্তে ৰক্ষণাবেক্ষণ প্ৰদান কৰিছে বুলি কয় প্ৰতিবাদকাৰীসকলে ৷ তদুপৰি, শ্ৰম মন্ত্ৰী তথা স্থানীয় বিধায়ক সঞ্জয় কিষাণে বিষয়টো সন্দৰ্ভত মৌনতা অৱলম্বন কৰা কথাটোকো কঠোৰ ভাষাৰে সমালোচনা কৰে প্ৰতিবাদকাৰীসকলে ( Rape case in Tinsukia) ৷

ক্ষোভিত ৰাইজে আজি বাহাদুৰ চাৰিআলিত অসম চাহ জনগোষ্ঠীয় জাতীয় মহাসভা তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত অসম চাহ জনগোষ্ঠী ছাত্ৰ সন্থা, দক্ষিণ তিনিচুকীয়া উপ শাখা সমিতি আৰু সদৌ পৰজা (কুঁই) সমাজ কাটানি আঞ্চলিক সমিতিৰ উদ্যোগত পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে প্ৰতিবাদকাৰীসকলে ধৰ্ষণকাৰী সমুন্দ্ৰে ৰায়ক গ্ৰেপ্তাৰ কৰি ফাঁচী দিয়াৰ লগতে উক্ত ঘটনাৰ ৮ দিন সময় উকলি যোৱাৰ পাছতো ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ নকৰাত ক্ষোভ প্ৰকাশ কৰে ৷ তিনিচুকীয়া আৰক্ষী ব্যৰ্থ হোৱা বুলি দাবী কৰি প্ৰতিবাদকাৰীসকলে বিষয়টো সন্দৰ্ভত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ দাবী কৰে (Protest in Tinsukia) ৷

প্ৰতিবাদস্থলীত পুলিচ-ভাৰতীয় সেনা বাহিনীক নিয়োগ কৰাৰ লগতে পৰৱৰ্তী সময়ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে উপ আৰক্ষী অধীক্ষক হিৰণ্য কুমাৰ বৰা উপস্থিত হয় ৷ প্ৰতিবাদকাৰীকাৰীসকলে ঘটনা সংক্ৰান্তত ন্যায় বিচাৰি এখন স্মাৰকপত্ৰ জিলা উপায়ুক্তলৈ প্ৰেৰণ কৰে ৷ শীঘ্ৰে ঘটনা সন্দৰ্ভত ব্যৱস্থা গ্ৰহণ নকৰিলে অনাগত দিনত তীব্র গণতান্ত্ৰিক আন্দোলনৰ কার্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলি উল্লেখ কৰে প্ৰতিবাদকাৰীসকলে (Tinsuka police not able to arrest rapist) ৷

লগতে পঢ়ক :HSLC paper leak : কটকটীয়া নিৰাপত্তাৰ মাজেৰে মেট্ৰিকৰ নতুন প্ৰশ্নকাকত থানালৈ প্ৰেৰণ

For All Latest Updates

ABOUT THE AUTHOR

...view details