শদিয়া, 13 অক্টোবৰঃ তিনিচুকীয়া জিলাৰ বাঘজান আৰক্ষী থানাৰ অন্তৰ্গত এক ধৰ্ষণৰ ঘটনাৰ পাচতেই দেওবাৰে উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় বাঘজান আৰক্ষী থানাত ৷ ধৰ্ষণকাৰীক কৰায়ত্ব কৰাৰ দাবীত বাঘজান আৰক্ষী থানাৰ সন্মুখত দিয়ামূলী চাহ বাগিছাৰ শতাধিক পুৰুষ-মহিলা শ্ৰমিকৰ উত্তাল প্ৰতিবাদ ৷
কিশোৰী ধৰ্ষণকাৰীক কৰায়ত্তৰ দাবীত উত্তপ্ত পৰিস্থিতি বাঘজান আৰক্ষী থানাত - আছা, আটছা
এক উত্তপ্ত পৰিস্থিতি বাঘজান থানাত ৷ ধর্ষণকাৰীক কৰায়ত্ব কৰিব নোৱাৰাৰ ক্ষোভতে থানাৰ সন্মুখত প্ৰতিবাদ কাৰ্যসূচী আছা, আটছাৰ লগতে বহু চাহ শ্ৰমিকৰ ৷
ঘটনা অনুসৰি যোৱা 8 অক্টোবৰত বাঘজান চাহ বাগিছাৰ 28 নং চেকচনত দুটা লম্পটে দলবদ্ধ ধর্ষণ কৰিছিল এগৰাকী 13 বছৰীয়া কিশোৰীক । ধৰ্ষিতাৰ পৰিয়ালে ঘটনাৰ দিনাই বাঘজান আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পাছতো বাঘজান থানাৰ প্ৰভাৰী গৰাকীয়ে ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ নকৰাৰ অভিযোগ উত্থাপন হৈছে ৷
উল্লেখযোগ্য যে, যোৱা 8 অক্টোবৰ তাৰিখে দিঘলতৰঙৰ পৰা ঘৰলৈ আহি থকা অৱস্থাতেই এখন মটৰ চাইকেলত অহা দুটা লম্পটে কিশোৰী গৰাকীক উপৰ্যুপৰি ধৰ্ষণ কৰিছিল । ঘটনাৰ 6 দিন উকলি যোৱাৰ পাছতো ধর্ষণকাৰীক কৰায়ত্ত কৰিব নোৱাৰাত থানাৰ সন্মুখত বৃহৎ প্ৰতিবাদ কাৰ্যসূচী সাব্যস্ত কৰে আছা, আটছাৰ লগতে বহু চাহ শ্ৰমিকে । বিগত কিছুদিনৰ পৰা তিনিচুকীয়া জিলাখনত হত্যা, ধৰ্ষণ, ডকাইটি, অপহৰণ আদিৰ দৰে ঘটনা বৃদ্ধি পাবলৈ ধৰিছে ।
- লগতে চাওকঃ ৰত্নাকৰ চাবলৈ দৰ্শকৰ পাৰভঙা উচাহ