তিনিচুকীয়া, ১৯ এপ্ৰিল: ৰাজ্যৰ মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শর্মাই ধর্ষণ, বাল্যবিবাহ, মাদক দ্রব্য ইত্যাদিৰ বিষয়ত কঠোৰ নীতিৰে নিৰ্মূল কৰিবলৈ আৰক্ষী প্ৰশাসনক নিৰ্দেশ দিছে (Assam Police against Crime) । কিন্তু তাৰ পাচতো বহু সময়ত এই সামাজিক কু-কৰ্মবোৰ ৰোধ কৰিবলৈ আৰক্ষী প্ৰশাসনে বিফল হোৱা পৰিলক্ষিত হৈছে । শেহতীয়াকৈ তিনিচুকীয়া জিলাৰ বৰডুবি আৰক্ষী থানাৰ অন্তৰ্গত এগৰাকী ১৩ বছৰীয়া নাবালিকাক ২০ মাৰ্চত ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে এগৰাকী প্ৰায় ৫০ ঊৰ্ধৰ লোকৰ বিৰুদ্ধে ।
পৰৱৰ্তী সময়ত পৰিয়ালবৰ্গৰ তৰফৰ পৰা ২১ মাৰ্চত বৰডুবি আৰক্ষী থানাত এজাহাৰ দাখিল কৰে যদিও আজি পৰ্যন্ত অভিযুক্ত সমুন্দ্ৰে ৰায়ক গ্ৰেপ্তাৰ নকৰাত সৰৱ হৈ পৰিছে বিভিন্ন দল-সংগঠনৰ লগতে সচেতন ৰাইজ ৷ সেয়ে বুধবাৰে তিনিচুকীয়া জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আৰু সদৌ অসম আদিবাসী মহিলা শক্তি তিনিচুকীয়া জিলা সমিতিৰ যৌথ উদ্যোগত শতাধিক ৰাইজে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ (Protest demanding arrest of minor rapist in Tinsukia ) ৷
প্ৰতিবাদৰ জৰিয়তে প্ৰতিবাদকাৰীসকলে ধৰ্ষণকাৰী সমুন্দ্ৰে ৰায়ক গ্ৰেপ্তাৰ কৰি ফাঁচী দিয়াৰ দাবী তোলে ৷ লগতে উক্ত ঘটনা সংঘটিত হোৱাৰ পাচতো ধৰ্ষণকাৰীক গ্ৰেপ্তাৰ কৰাত তিনিচুকীয়া আৰক্ষী ব্যৰ্থ হোৱাত প্ৰতিবাদকাৰীসকলে ক্ষোভ প্ৰকাশ কৰে ৷ এইক্ষেত্ৰত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক (CM Himanta Biswa Sarmah) ভুক্তভোগী আৰু ভুক্তভোগী পৰিয়ালক ন্যায় প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰে (Protest in Tinsukia) ৷