তিনিচুকীয়া,20 চেপ্তেম্বৰ:লক্ ডাউনে কোঙা কৰিছে সাধাৰণ জনতাৰ জীৱন প্ৰণালী ৷ সমান্তৰালকৈ ৰাইজে ভুগিছে আৰ্থিক অনাটনত । কৰ’ণা মহামাৰীৰ বাবে চৰকাৰে জাৰি কৰা লক ডাউনৰ সিদ্ধান্তত ভুক্তভোগী ৰাজ্যৰ প্ৰতিগৰাকী লোক । একাংশ লোকে বিভিন্ন ব্যৱসায়ৰ নামত মাইক্ৰ’ফাইনেন্স কোম্পানীৰ পৰা ঋণ গ্ৰহণ কৰিছিল যদিও লক্ ডাউনৰ ফলত ব্যৱসায়ত মন্দাৱস্থা হোৱাত এতিয়া ঋণ পৰিশোধ কৰিব নোৱাৰি কোম্পানীসমূহক ঋণ ৰেহাই দিবলৈ গ্ৰহণ কৰে এক প্ৰতিবাদী কাৰ্যসূচী ৷ দেওবাৰে তিনিচুকীয়াৰ বৰহোলোং গাঁৱৰ ৰাজহুৱা প্ৰেক্ষাগৃহত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, ফিল’বাৰী আঞ্চলিক কমিটি আৰু বৰহোলোং, ৰতনী, মহং বোকাপথাৰ-বালিজানবাসীৰ উদ্যোগত মহিলাসকলে এলানি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ৷
মাইক্ৰ ফাইনেন্স কোম্পানীৰ ঋণ ৰেহাইৰ দাবীত বিশাল প্ৰতিবাদী সভা - KMSS
মাইক্ৰ’ফাইনেঞ্চ কোম্পানীসমূহৰ ঋণ পৰিশোধ ৰেহাই আৰু কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত তিনিচুকীয়াত প্ৰতিবাদী সভা । সভাত উপস্থিত প্ৰায় পাঁচ শতাধিক মহিলাই কৃষক নেতাগৰাকীৰ মুক্তিৰ দাবী তুলি সাব্যস্ত কৰে প্ৰতিবাদ ৷
উল্লেখ্য যে, ভাৰতীয় প্ৰেক্ষাপটত মাইক্ৰ’ফাইনেঞ্চ কোম্পানীৰ সম্প্ৰতি আটাইতকৈ বেয়া দিন চলিছে ৷ চলিত বৰ্ষত অন্ধপ্ৰদেশত 55 ৰ পৰা 75 গৰাকী মহিলাই ঋণ পৰিশোধ কৰিব নোৱাৰি আত্মহত্যা কৰিবলৈ বাধ্য হৈছিল । বিগত 2010 বৰ্ষত চৰকাৰে মাইক্ৰ’ফাইনেঞ্চ কোম্পানীসমূহৰ দ্বাৰা মহিলাসকলক দিয়া 21,000 কোটি টকা ৰেহাই দিছিল । সম্প্ৰতি অসমতো সেই একেই অৱস্থা দেখা গৈছে ৷ অসমত 24 গৰাকী মহিলাই এই ঋণ পৰিশোধ কৰিব নোৱাৰি আত্মহত্যা কৰিছে । পৰৱৰ্তী সময়ত এনে পৰিস্থিতি উদ্ভৱ নহ’বৰ বাবে মহিলাসকলে ঋণ ৰেহাই দিবলৈ আহ্বান জনাই চৰকাৰক ৷ লগতে কাৰাবন্দী নেতা অখিল গগৈৰ মুক্তিৰ দাবী জনাই চৰকাৰক ৷