অসম

assam

ETV Bharat / state

ডি পি এছ স্কুলৰ কৰ্মচাৰীক চাটাই কৰাক লৈ বিদ্যালয় চৌহদত উত্তপ্ত পৰিস্থিতি - দিল্লী পাব্লিক স্কুল

আই অ চি মেনেজমেণ্ট আৰু বিভাগীয় কৰ্তৃপক্ষই বিদ্যালয়খনত বহু বছৰ ধৰি সুৰক্ষা কৰ্মীৰূপে কৰ্মৰত 22 জন লোকক হঠাৎ কোনো জাননী প্ৰেৰণ নকৰাকৈয়ে ছাটাই কৰে আৰু হোম গাৰ্ড নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷

ডি পি এছ স্কুলৰ কৰ্মচাৰীক চাটাই কৰাক লৈ বিদ্যালয় চৌহদত উত্তপ্ত পৰিস্থিতি

By

Published : Jun 20, 2019, 12:46 PM IST

ডিগবৈ, 20 জুন: ডিগবৈত অসম অইল সংমণ্ডলৰ অধীনস্থ বিদ্যালয় দিল্লী পাব্লিক স্কুলৰ প্ৰৱেশদ্বাৰত উত্তাল প্ৰতিবাদ শতাধিক কৰ্মচাৰীৰ ৷ উল্লেখ্য যে, আই অ চি মেনেজমেণ্ট আৰু বিভাগীয় কৰ্তৃপক্ষই বিদ্যালয়খনত বহু বছৰ ধৰি সুৰক্ষা কৰ্মীৰূপে কৰ্মৰত 22 জন লোকক হঠাৎ কোনো জাননী প্ৰেৰণ নকৰাকৈয়ে ছাটাই কৰে আৰু হোম গাৰ্ড নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷ ফলত এইসকল সুৰক্ষা কৰ্মীৰ পৰিয়াললৈ অন্ধকাৰ নামি আহিছে ৷ সেয়েহে তেওঁলোকক পুনৰ সংস্থাপনৰ দাবীত এনেদৰে পুৰুষ-মহিলা উভয়ে নামি পৰিছে প্ৰতিবাদত । যদিহে আই অ চিৰ মেনেজমেন্টে এই দাবী মানি নলয় তেন্তে আগন্তুক দিনত আন্দোলনমুখী হৈ এই বিদ্যালয় বন্ধ কৰি দিয়াৰ হুংকাৰ প্ৰদান কৰে কৰ্মচাৰীসকলে ।

ডি পি এছ স্কুলৰ কৰ্মচাৰীক চাটাই কৰাক লৈ বিদ্যালয় চৌহদত উত্তপ্ত পৰিস্থিতি

ABOUT THE AUTHOR

...view details