শদিয়া, 5 অক্টোবৰ:টাই আহোম জনগোষ্ঠীক জনজাতিকৰণৰ লগতে জনগোষ্ঠীটোৰ লোক সকলক ভূমিপট্টা প্ৰদানৰ দাবীৰে সোমবাৰে টাই আহোম ছাত্ৰ সন্থাই, কাকপথাৰৰ ডিৰাক গেটৰ পৰা তিনিচুকীয়া জিলা উপায়ুক্তৰ কাৰ্যালয়লৈ মটৰ চাইকেলেৰে এক সমদল উলিয়ায় ৷ শতাধিক মটৰ চাইকেলেৰে সমদল বাহিৰ কৰা প্ৰতিবাদকাৰী সকলে চৰকাৰ বিৰোধী ভিন্ন শ্ল'গান প্ৰদান কৰে ৷
জনজাতিকৰণৰ দাবীৰে তিনিচুকীয়াত টাই আহোম ছাত্ৰ সন্থাৰ প্ৰতিবাদ
সোমবাৰে তিনিচুকীয়াত জনজাতিকৰণৰ লগতে ভূমিপট্টা প্ৰদানৰ দাবীৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে টাই আহোম ছাত্ৰ সন্থাই ৷
টাই আহোম ছাত্ৰ সন্থাৰ প্ৰতিবাদ
কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে লোৱা মটৰ চাইকেল সমদলটোৱে শেষত জিলা উপায়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰি তেওঁলোকৰ দাবী সমূহ পূৰণৰ বাবে আহ্বান জনায় ৷ সংগঠনটোৱে কৰা দাবী সমূহ অতি শীঘ্ৰেই সমাধান নকৰিলে ভৱিষ্যতে আন্দোলন অধিক কঠোৰ কৰি তোলাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰী সকলে ৷
লগতে পঢ়ক:গাহৰি ফার্মিঙেৰে যুৱ প্ৰজন্মক স্বাৱলম্বীতাৰ পথ প্ৰদৰ্শন বেংক বিষয়াৰ