মাৰ্ঘেৰিটা, 12 ফেব্ৰুৱাৰী:মিছা প্ৰতিশ্ৰুতি দি বিজেপি চৰকাৰ শাসনলৈ অহাৰ অভিযোগ উত্থাপন কৰি শুকুৰবাৰে চাহ জনগোষ্ঠীৰ শতাধিক লোকে মজুৰী বৃদ্ধিৰ দাবীৰে মাৰ্ঘেৰিটাত মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত দুইঘন্টীয়া ধৰ্ণা সাব্যস্ত কৰে ৷
অসম চাহ জনজাতি ছাত্ৰ সন্থা (আট্ছা) ৰ উদ্যোগত শুকুৰবাৰে আট্ছাৰ মাৰ্ঘেৰিটা শাখা, ডিগবৈ শাখা আৰু পেঙেৰী শাখাৰ কৰ্মী সকলৰ লগতে চাহ জনগোষ্ঠীৰ শতাধিক লোকে চাহ শ্ৰমিকৰ মজুৰী 351 টকালৈ বৃদ্ধি কৰাৰ দাবী জনাই ধৰ্ণা কাৰ্যসূচী পালন কৰে ৷
বিজেপি চৰকাৰে চাহ জনগোষ্ঠীক লৈ কোনো সৎ চিন্তা কৰা নাই বুলি মন্তব্য কৰি প্ৰতিবাদকাৰী সকলে লগতে অভিযোগ কৰে যে, বিজেপি চৰকাৰে শাসনলৈ অহাৰ পূৰ্বে চাহ জনজাতিৰ লোক সকলক যি প্ৰতিশ্ৰুতি দিছিল , সেই প্ৰতিশ্ৰুতি আজিকোপতি সম্পূৰ্ণ নকৰিলে ৷ যাৰ বাবে চাহ জনগোষ্ঠীৰ লোক সকলে নিজৰ প্ৰাপ্য বিচাৰি প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ব লগীয়া হৈছে ৷