তিনিচুকীয়াৰ পানীতোলাত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ
পানীতোলাত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদী কাৰ্যসূচী প্ৰতিবাদকাৰীসকলে ৷ মধ্যাহ্ন ভোজন যোগান ধৰা ঘনশ্যাম সেৱা সমিতিয়ে ছাত্ৰ-ছাত্ৰীৰ জীৱনকলৈ হেতালি খেলা কাৰ্যত ক্ষোভিত হৈ এই প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰে ৷
তিনিচুকীয়া,৯ নৱেম্বৰঃমধ্যাহ্ন ভোজনৰ নামত অখাদ্য যোগান ধৰাৰ অভিযোগত 37 নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদত নামিল ছাত্ৰ-ছাত্ৰী ৷ শুকুৰবাৰে মধ্যাহ্ন ভোজন খাই বৰুৱাহোলা হাইস্কুলৰ ৭১ গৰাকীকৈ ছাত্ৰ-ছাত্ৰী অসুস্থ হোৱাৰ অভিযোগত প্ৰতিবাদ সাব্যস্ত কৰিলে ছাত্ৰ-ছাত্ৰী, স্থানীয় ৰাইজ আৰু বিভিন্ন দল-সংগঠনে ৷ পানীতোলাত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিলে প্ৰতিবাদকাৰীসকলে ৷ মধ্যাহ্ন ভোজন যোগান ধৰা 'ঘনশ্যাম সেৱা সমিতি'য়ে ছাত্ৰ-ছাত্ৰীৰ জীৱনকলৈ হেতালি খেলা কাৰ্যত ক্ষোভিত হৈ এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ আনহাতে, প্ৰতিবাদস্থলীৰ পৰাই শিক্ষামন্ত্ৰীক চূড়ান্ত সকীয়নি প্ৰদান কৰি মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে প্ৰতিবাদকাৰীসকলে ৷