তিনিচুকীয়া, 11 আগষ্টঃ ডুমডুমাৰ বিধায়কৰ বাসগৃহ ঘেৰাও কৰি উত্তাল প্ৰতিবাদ ছাত্ৰ-ছাত্ৰীৰ ৷ ডুমডুমা মহাবিদ্যালয়ৰ নাম ভৰ্তিৰ পৰা বঞ্চিত ছাত্ৰ-ছাত্ৰীয়ে সাব্যস্ত কৰিলে প্ৰতিবাদ ৷ উল্লেখ্য যে, ডুমডুমা অঞ্চলৰ উচ্চশিক্ষাৰ একমাত্ৰ শিক্ষানুষ্ঠান ডুমডুমা মহাবিদ্যালয়খনত নামভৰ্তিক কেন্দ্ৰ কৰি বিগত কিছু বছৰৰ পৰা এক অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হৈ আহিছে । ছাত্ৰ-ছাত্ৰীৰ অনুপাতে মহাবিদ্যলয়খনত আসনৰ সংখ্যা সিমিত বাবেই মহাবিদ্যালয়ত নামভৰ্তিৰ পৰা বঞ্চিত হৈছে ছাত্ৰ-ছাত্ৰী । বিষয় সন্দৰ্ভত অঞ্চলটোৰ কেইবাটাও ছাত্ৰ সংগঠনে 26 জুনত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি স্মাৰক পত্ৰ প্ৰদান কৰে ৷ নামভৰ্তিৰ পৰা বঞ্চিত শিক্ষাৰ্থীক তাতক্ষণিকভাৱে নামভৰ্তিৰ ব্যৱস্থা কৰা হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ পাচতো বৰ্তমান পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে ৷ যাৰ বাবে স্থানীয় বিধায়ক দূৰ্গা ভূমিজৰ বাসগৃহ ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে শিক্ষাৰ্থীসকলে ৷
নামভৰ্তিৰ পৰা বঞ্চিত শিক্ষাৰ্থীঃ বিধায়কৰ বাসগৃহ ঘেৰাও - assam news
ডুমডুমা অঞ্চলৰ উচ্চশিক্ষাৰ একমাত্ৰ শিক্ষানুষ্ঠান ডুমডুমা মহাবিদ্যালয়খনত নামভৰ্তিক কেন্দ্ৰ কৰি বিগত কিছু বছৰৰ পৰা এক অনাকাংক্ষিত পৰিস্থিতিৰ সৃষ্টি হৈ আহিছে ।
বিধায়কৰ বাসগৃহ ঘেৰাও কৰি প্ৰতিবাদ শিক্ষাৰ্থীৰ
আনহাতে, বিধায়ক দূৰ্গা ভূমিজে ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ এই মৌলিক অধিকাৰ কাঢ়ি নিয়াৰ ক্ষেত্ৰত বিজেপি চৰকাৰ খনেই দায়ী বুলি মন্ত্যব্য কৰি শীঘ্ৰে ছাত্ৰ ছাত্ৰী সকলৰ নামভৰ্ত্তি আশ্বাস দিয়ে ৷