তিনিচুকীয়া, 21 ডিচেম্বৰ: মাকুম আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চৰণ মোহন সিং চেতিয়াক(Makum police station OC) নিলম্বনৰ দাবীত মাকুমৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে স্থানীয় ৰাইজৰ লগতে দল-সংগঠনৰ লোকে ৷
উল্লেখ্য যে, মঙলবাৰে সন্ধিয়া তিনিচুকীয়া জিলাৰ বাৰেকুৰিৰ ন-মতাপুং গাঁৱৰ নিবাসী দীপু মৰাণ নামৰ এজন কলেজীয়া ছাত্ৰই মাকুম গান্ধী নগৰৰ কলেজীয়া ছাত্ৰী এগৰাকীৰ সৈতে প্ৰেমজনিত কাৰণত বাক-বিতণ্ডাত লিপ্ত হৈছিল ৷ পৰৱৰ্তী সময়ত উক্ত ঘটনা মাকুম আৰক্ষী থানাৰ মজিয়া পায়গৈ ৷
উক্ত ঘটনাৰ সন্দৰ্ভত মাকুম আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চৰণ মোহন সিং চেতিয়াই দীপু মৰাণ নামৰ কলেজীয়া ছাত্ৰজনক নিৰ্মমভাৱে প্ৰহাৰ কৰাত ছাত্ৰজন ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ত(Assam medical college) চিকিৎসাধীন হ’বলগীয়া হৈছে ৷
ছাত্ৰজনক ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে নিজৰ চাৰ্ভিছ ৰিভলভাৰেৰে মূৰত আঘাত কৰাৰ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ অভিযোগ উত্থাপন কৰিছে ছাত্ৰজনৰ পৰিয়ালৰ লোকে (Student beaten by OC at Makum)৷ এজন কম বয়সীয়া কলেজীয়া ছাত্ৰক প্ৰেমজনিত কাৰণৰ বাবে এজন আৰক্ষী বিষয়াই এনেধৰনে নিৰ্মমভাৱে প্ৰহাৰ কৰাত জাঙুৰ উঠিছে স্থানীয় ৰাইজৰ লগতে দল-সংগঠনৰ লোক ।