তিনিচুকীয়া, 15 জুলাই :বাঘজানৰ কাণ্ডই এটা বছৰ সম্পূৰ্ণ কৰিলে ৷ 173 দিনৰ অন্তত জুই নিৰ্বাপিত হৈছিল অভিশপ্ত বাঘজান কাণ্ডৰ ৷ কিন্তু আজিও শেষ হোৱা নাই বাঘজানবাসীৰ দুৰ্দশা ৷ আজি পৰ্যন্ত উচিত ক্ষতিপূৰণ নাপালে বাঘজানবাসীয়ে ৷
বৃহস্পতিবাৰে পুৱা 8:00 বজাৰ পৰা পুনৰ বাঘজান ইপিএচ ৰ সন্মুখত বাঘজান-দীঘলটৰঙবাসী ৰাইজৰ উপযুক্ত ক্ষতিপূৰণৰ দাবীত প্ৰতিকুল বতৰৰ মাজতে উত্তাল ধৰ্ণা প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে । উল্লেখ্য যে, অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য প্ৰবন্ধক বিষয়ালৈ যোৱা 11 জুলাই তাৰিখে (দেওবাৰে) স্মাৰক পত্ৰ প্ৰেৰণ কৰি 14 তাৰিখৰ ভিতৰত দাবী মানি ল'বলৈ সকীয়াই দিছিল । কিন্তু ইয়াৰ পাছতো কোনো ফলাফল নোপোৱাত বাঘজান-দীঘলটৰংবাসীয়ে আজি পুনৰ নামিছে প্ৰতিবাদত ৷
বাঘজানৰ জৈৱ-বৈচিত্ৰ তথা বাঘজানৰ সমগ্ৰ অঞ্চলটোৰ ক্ষয়-ক্ষতিৰ ওপৰত শেহতীয়াকৈ অসমৰ বন বিভাগৰ চীফ ৱাইল্ডলাইফ ৱাৰ্ডেন এম.কে. যাদৱৰ প্ৰতিবেদনত তথ্য প্ৰকাশ পোৱাৰ পাচতে পুনৰ ক্ষোভৰ জুই জ্বলিছে বাঘজানবাসীৰ মাজত ৷ বাঘজান অঞ্চলৰ জৈৱ-বৈচিত্ৰ তথা পাৰিপাৰ্শ্বিক ক্ষয়-ক্ষতিৰ ওপৰত যোৱা ৭ জুন তাৰিখে অসমৰ বন বিভাগৰ চীফ ৱাইল্ডলাইফ ৱাৰ্ডেন এম.কে. যাদৱৰ এক প্ৰতিবেদন প্ৰকাশ পাইছিল । এই প্ৰতিবেদনত পাইছে কেইবাটাও বিস্ফোৰক তথ্য ৷