অসম

assam

ETV Bharat / state

পাঁচমাহৰ পাছতো বাঘজানবাসীয়ে নাপালে উচিত ক্ষতিপূৰণ

পাঁচমাহে বাঘজানবাসীৰ লগত ক্ষতিপূৰণৰ নামত হেতালি খেলি আছে অইল কৰ্তৃপক্ষ তথা চৰকাৰ-প্ৰশাসনে ৷ অইল ইণ্ডিয়াই ২৮ ছেপ্তেম্বৰ তাৰিখে দাঁতিকাষৰীয়া অঞ্চল সমূহৰ বাবে এককালীন ক্ষতিপূৰণ হিচাপে দূৰত্ব অনুসৰি ১০ আৰু ১৫ হাজাৰকৈ টকা ঘোষণা কৰিছিল যদিও,আজিলৈকে পোৱা নাই উচিত ক্ষতিপূৰণ ৷

protest at Baghjan (Tinsukia)
পাঁচমাহৰ পাছতো বাঘজানবাসীয়ে নাপালে উচিত ক্ষতিপূৰণ

By

Published : Nov 3, 2020, 2:06 PM IST

তিনিচুকীয়া,3 নৱেম্বৰ: কোনোবাই শুনিবনে বাঘজানবাসীৰ কান্দোন ? আজি পাঁচমাহে ক্ষতিপূৰণৰ নামত হেতালি খেলি আছে অইল কৰ্তৃপক্ষ তথা চৰকাৰ-প্ৰশাসনে। যোৱা ২৭ মে' তাৰিখে বাঘজানৰ BGR ৫ নং তৈল খাদত সংঘটিত পাইপ বিস্ফোৰণৰ ঘটনাৰ পাছত ৯ জুনত অগ্নিকাণ্ডৰ সৃষ্টি হৈ অন্য এক ভয়াৱহ ৰূপ লৈছিল। বাঘজান কাণ্ডই জোকাৰি গৈছিল সমগ্ৰ ৰাজ্য। পিছে আজিও সমাধানৰ সূত্ৰ নাই অইল কৰ্তৃপক্ষ তথা চৰকাৰ প্ৰশাসনৰ হাতত।

পাঁচমাহৰ পাছতো বাঘজানবাসীয়ে নাপালে উচিত ক্ষতিপূৰণ

বহুজন বিদেশী বিশেষজ্ঞই আহি জুই নুমুৱাৰ প্ৰচেষ্টা কৰি আছে যদিও আজি পৰ্যন্ত নুমুৱা নাই এই জুইকুৰা। শেহতীয়াকৈ বাঘজানৰ জুই নিৰ্বাপন কৰিবলৈ কানাডাৰ পৰা অনা হৈছে antonov-ত স্নাভিংৰ বহু যন্ত্ৰপাতি। বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে সোমবাৰে ডিব্ৰুগড় জিলাত প্ৰৱেশ কৰিছেহি antonov-ত কঢ়িওৱা বিভিন্ন যন্ত্ৰপাতিসমূহ ।

পাঁচমাহৰ পাছতো বাঘজানবাসীয়ে নাপালে উচিত ক্ষতিপূৰণ

আনহাতে বাঘজানৰ লগতে দাঁতি-কাষৰীয়া ক্ষতিগ্ৰস্তই আজিও পোৱা নাই উচিত ক্ষতিপূৰণ । সোমবাৰে বাঘজান বাসীয়ে দুলীয়াজানলৈ উলিওৱা বাইক ৰেলীৰ পিছতে মংগলবাৰে আকৌ দাঁতি-কাষৰীয়া গৰিয়াটিং,হাতীবাদ আৰু পূৰণি মটাপুং যুৱ সংঘ তথা ৰাইজৰ উদ্যোগত বাৰেকুৰি QPS ৰ সন্মুখত এক তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । উল্লেখ্য যে অইল ইণ্ডিয়াই ২৮ ছেপ্তেম্বৰ তাৰিখে দাঁতিকাষৰীয়া অঞ্চল সমূহৰ বাবে এক কালীন ক্ষতিপূৰণ হিচাপে দূৰত্ব অনুসৰি ১০ আৰু ১৫ হাজাৰকৈ টকা ঘোষণা কৰিছিল ।

পাঁচমাহৰ পাছতো বাঘজানবাসীয়ে নাপালে উচিত ক্ষতিপূৰণ

কিন্তু আজি পৰ্যন্ত এই ক্ষতিপূৰণ দিয়া নাই বুলি সদৰি কৰিছে ক্ষতিগ্ৰস্ত ৰাইজে। বাৰেকুৰি QPS ৰ সন্মুখত অনিৰ্দিষ্ট কালীন অৱস্থান ধৰ্মঘটৰ যোগেদি অইল ইণ্ডিয়াক অতিশীঘ্ৰে ক্ষতিপূৰণ দিয়াৰ বাবে সকিয়াই দিয়ে বাঘজানবাসী ৰাইজে । এতিয়া অইল তথা চৰকাৰ,প্ৰশাসনে এই বিষয়টোৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াহে হ’ব লক্ষণীয় ৷

লগতে পঢ়ক:নাথ যোগী ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতি গঠন

ABOUT THE AUTHOR

...view details