তিনিচুকীয়া, 20 মাৰ্চঃ তিনিচুকীয়া জিলাত অৱস্থিত আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত পক্ষীবিল মাগুৰি মতাপুং বিলৰ ওপৰেৰে, অইল ইণ্ডিয়া লিমিটেডে স্থাপন কৰিবলৈ লোৱা বৃহৎ আকাৰৰ গেছ পৰিবাহী পাইপ লাইনৰ বিৰুদ্ধে দীৰ্ঘদিন ধৰি প্ৰতিবাদ জনাই আহিছে বাঘজান গাঁৱৰ ৰাইজে ৷ গেছ পাইপ লাইন স্থাপন কৰি মাগুৰি মতাপুং বিলৰ জীৱকুলৰ লগতে স্থানীয় গাঁও সমূহৰ এক সংকটময় অৱস্থালৈ ঠেলি দিয়াৰ অভিযোগ উত্থাপনেৰে শুকুৰবাৰে এই পাইপ স্থাপন কাৰ্য বন্ধ কৰিবলৈ বাঘজান গাঁৱৰ মিলনজ্যোতি যুৱ সংঘ,বিভিন্ন দল সংগঠনৰ লগতে স্থানীয় ৰাইজ একত্ৰিত হৈ পুনৰ বাৰ দাবী জনায় ৷
মাগুৰি মতাপুং পক্ষীবিলত অইল পাইপলাইন স্থাপনক লৈ প্ৰতিবাদ - মাগুৰি মতাপুং পক্ষীবিলত অইল পাইপলাইন স্থাপনক লৈ প্ৰতিবাদ
অইল ইণ্ডিয়া লিমিটেডে তিনিচুকীয়াৰ আন্তঃৰাষ্ট্ৰীয় স্বীকৃতিপ্ৰাপ্ত পক্ষীবিল মাগুৰি মতাপুং বিলৰ ওপৰেৰে বৃহৎ আকাৰৰ গেছ পৰিবাহী পাইপ লাইন স্থাপন কৰিব বিচৰাক লৈ দীৰ্ঘদিনে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে বাঘজান গাঁৱৰ ৰাইজে

পাইপলাইন স্থাপনক লৈ প্ৰতিবাদ
মাগুৰি মতাপুং পক্ষীবিলত অইল পাইপলাইন স্থাপনক লৈ প্ৰতিবাদ
সেই সময়ত নিবিদা লাভ এজন কেপিএছ বৰাৰ নামৰ এগৰাকী অৱসৰপ্ৰাপ্ত সেনা বিষয়াই নিজকে বৰ্তমানেও ভাৰতীয় সেনা বিষয়া বুলি পৰিচয় দি ৰাইজক ভাবুকি দিয়াৰ লগতে ভাৰতীয় সেনা বাহিনীৰ এটা দলক ঘটনাস্থলীলৈ মাতি সেনাবাহিনীৰ দ্বাৰা স্থানীয় ৰাইজক ভাবুকি প্ৰদান কৰি বলপুৰ্বকভাৱে পাইপলাইনৰ কাম কৰাবলৈ শ্ৰমিককসকলক নিৰ্দেশ দিয়াৰ অভিযোগো উত্থাপন কৰে ৰাইজে ৷ যাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোত ৷
লগতে পঢ়কঃদেশৰ আইন ব্যৱস্থাত কিছু পৰিৱৰ্তনৰ প্ৰয়োজনঃসুস্মিতা দেৱ
TAGGED:
অইল ইণ্ডিয়া লিমিটেড