তিনিচুকীয়া, ২ ছেপ্তেম্বৰ: অইল ইণ্ডিয়া লিমিটেডৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে তিনিচুকীয়া জিলাৰ কেইবাটাও সংগঠনৰ লগতে স্থানীয় ৰাইজ । বিগত কিছুদিন ধৰি অইল কৰ্তৃপক্ষই জিলাখনৰ উন্নয়নমূলক কাম-কাজত মুঠেও গুৰুত্ব আৰোপ কৰা নাই । সেয়ে, ক্ষুব্ধ হৈ মঙলবাৰৰ পৰা তিনিচুকীয়াৰ ভিন্ন প্ৰান্তত অনিৰ্দিষ্টকালীন অইল অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে আঠটাকৈ জাতীয়-জনগোষ্ঠীয় সংগঠন আৰু যুৱ সংঘই ।
অইল ইণ্ডিয়া লিমিটেডৰ শেহতীয়া কাম-কাজে সাধাৰণ জনতাৰ লগতে বিভিন্ন দল-সংগঠনক প্ৰতাৰণা কৰা অভিযোগ উত্থাপিত হৈ আহিছে । অইল কৰ্তৃপক্ষই জনগণৰ কল্যাণ সাধনৰ অৰ্থে কাম নকৰাৰ অভিযোগ তুলিছে সংগঠনবোৰে । সময়ে সময়ে অইলৰ উৎপাদন প্ৰক্ৰিয়া বন্ধ কৰি দিয়াৰ দৰে কাৰ্যসূচী ৰূপায়ণ কৰিবলগীয়া পৰিস্থিতি উদ্ভৱ হয় ।