অসম

assam

By

Published : Jan 5, 2023, 9:54 PM IST

ETV Bharat / state

Baghjan Protest: বাঘজান-দীঘলতৰং অঞ্চলৰ তৈলখননকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে প্ৰতিবাদ

বাঘজান-দীঘলতৰং অঞ্চলৰ তৈলখননকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে কেইবাটাও স্থানীয় দল-সংগঠনৰ প্ৰতিবাদ ৷ স্থানীয় যুৱকক কৰ্মত নিয়োজিত কৰাতো সুনিশ্চিত কৰাৰ লগতে তেলৰ ছিণ্ডিকেট বন্ধ কৰা আদি বহু কেইটা দাবীৰে গ্ৰহণ কৰা হয় অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৷ জিলা উপায়ুক্তলৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে সংগঠনকেইটাই ৷

Baghjan Protest
বাঘজান-দীঘলতৰং অঞ্চলৰ তৈলখননকাৰী প্ৰতিষ্ঠানৰ বিৰুদ্ধে প্ৰতিবাদ

তিনিচুকীয়া, 5জানুৱাৰী:বাঘজান-দীঘলতৰং অঞ্চলৰ তৈল খনন কৰ্তৃপক্ষৰ বিৰুদ্ধে বৃহস্পতিবাৰে পালন কৰা হয় 2 ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী(Protest at Baghjan) ৷ স্থানীয় যুৱকক কৰ্মত নিয়োজিত কৰাৰ লগতে আন বহুকেইটা দাবীৰে গ্ৰহণ কৰা হয় এই কাৰ্যসূচী ৷ বাঘজান-দীঘলতৰং উন্নয়ন সমিতি, অসম চাহ জনজাতি কল্যাণ সমিতি, পৰিবেশ সুৰক্ষা সমিতি অসম, অসম মৰাণ সভা, বাঘজান শাখা সমিতি, বাঘজান গাঁও মিলনজ্যোতি সংঘ , সদৌ মৰাণ ছাত্ৰ সন্থা, বাঘজান শাখা সমিতিৰ লগতে কেইবাটাও দল সংগঠনৰ উপায়ুক্তলৈ স্মাৰক পত্ৰ প্ৰেৰণ ৷

উল্লেখ্য যে, দুলিয়াজানস্থিত অইল ইণ্ডিয়া কৰ্তৃপক্ষই তিনিচুকীয়া জিলাৰ বাঘজান-দীঘলতৰং অঞ্চলৰ পৰা বছৰি বৃহৎ পৰিমাণৰ তেল উৎপাদন কৰি আহিছে । এই উৎপাদনকাৰ্য চলি থকা সময়ত জিলাখনৰ নিবনুৱা সকলৰ প্ৰতি প্ৰায়েই পিঠি দি আহিছে । ছিণ্ডিকেট যোগে তৈল কৰ্তৃপক্ষই অঞ্চলটোৰ পৰা তেল নিষ্কাষণ কৰি থকা আৰু স্থানীয় লোকক বঞ্চিত কৰি ৰখা কাৰ্যক তীব্ৰ বিৰোধিতা কৰে স্থানীয় দল সংগঠনসমূহে(Protest against Oil India Limited) । লগতে, তৈল খননে চৌপাশে থকা প্ৰাকৃতিক পৰিৱেশতো যথেষ্ট বিৰূপ প্ৰভাৱ পেলাইছে ।

সেয়েহে, বৃহস্পতিবাৰে কেইবাটাও দল-সংগঠনে এই অঞ্চলটোৰ প্ৰাকৃতিক সম্পদ আহৰণ কৰি বৃহৎ পৰিমাণৰ মুনাফা আদায় কৰিবলৈ সক্ষম হোৱা তৈল কৰ্তৃপক্ষক কেইবাটাও দাবী জনোৱাৰ লগতে তিনিচুকীয়া জিলা উপায়ুক্তলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে । লগতে সংগঠনকেইটাই বাঘজান-দীঘলতৰং অঞ্চলৰ তৈল কৰ্তৃপক্ষৰ বিৰুদ্ধে ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীও ৰূপায়ণ কৰে ।

সংগঠন কেইটাই তৈলখনন কৰ্তৃপক্ষক শীঘ্ৰে ছিণ্ডিকেট বন্ধ কৰা, স্থানীয় শিক্ষিত নিবনুৱাক কৰ্মসংস্থাপন প্ৰদান কৰা, যিকোনো ধৰণৰ ঠিকা কাম জিলাখনৰ স্থানীয় লোকক প্ৰদান নিশ্চিত কৰা, সমগ্ৰ বাঘজান-দীঘলতৰং, ডুমডুমা অঞ্চলৰ ৰাজহুৱা স্বাৰ্থ জড়িত অনুষ্ঠান-প্ৰতিষ্ঠান সমূহলৈ আৰ্থিক অনুদান আগবঢ়ায় সামগ্ৰিক উন্নয়নৰ কামকাজ খৰতকীয়া কৰা, ছিণ্ডিকেটত জড়িত ‘কনক গগৈ’ নামৰ ব্যক্তিজনক তৈল কৰ্তৃপক্ষই বাঘজান-দীঘলতৰং তৈলক্ষেত্ৰৰ যিকোনো ধৰণৰ কামকাজৰ পৰা শীঘ্ৰে আঁতৰ কৰা আদি দাবী উত্থাপন কৰে ৷

ইয়াৰ লগতে, বাঘজান-দীঘলতৰং তৈলক্ষেত্ৰত বৰ্তমান কাম কৰি থকা "Hall Offshore Limited" নামৰ কোম্পানীটোৰ সৈতে সংগঠনকেইটাৰ বৈঠকযোগে স্থানীয় লোকৰ স্বাৰ্থ সুৰক্ষিত কৰা, বাঘজান অঞ্চলত সংঘটিত হোৱা ভয়ংকৰ অগ্নিকাণ্ডৰ ফলত ক্ষতিগ্ৰস্ত হোৱা লোকক অতি সোনকালে ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা, পৰিৱেশ প্ৰদূষণ (গোলকীয় উষ্ণতা বৃদ্ধি আৰু বায়ু প্ৰদূষণ) নিয়ন্ত্ৰণৰ স্বাৰ্থত গছপুলি ৰোপণ, বিতৰণ আৰু প্ৰতিপালনৰ বাবে বিশেষ পুঁজিৰ ব্যৱস্থা কৰিবলৈ দাবী জনায় ।

এই দাবীসমূহ অতি শীঘ্ৰে পূৰণ নকৰিলে তৈল প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে ব্যাপক গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিবলৈ বাধ্য হ’ব বুলিও স্মাৰক পত্ৰযোগে উপায়ুক্তক সদৰি কৰিছে সংগঠন কেইটাই ৷

লগতে পঢ়ক:Asom Gaurav Award: তিনিচুকীয়াৰ পক্ষী নিৰীক্ষক বিনন্দ হাতীবৰুৱালৈ অসম গৌৰৱ বঁটা

ABOUT THE AUTHOR

...view details