তিনিচুকীয়া, 13 ডিচেম্বৰ: ধাৰাবাহিক প্ৰতিবাদ আৰু সংগ্ৰাম কৰাৰ পাচতো বাঘজানবাসী ৰাইজে উপযুক্ত ক্ষতিপূৰণ লাভ কৰিবলৈ সক্ষম নহ'ল ৷ প্ৰায় 7 মাহৰ অন্তত যোৱা ১৫ নৱেম্বৰত সুদূৰ কানাডাৰ পৰা অহা বিশেজ্ঞৰ দলে স্নাভিং ইউনিট যন্ত্ৰৰ সহায়ত বাঘজানৰ অভিশপ্ত জুইকুৰা নুমুবাৱলৈ সক্ষম হৈছিল । কিন্তু চৰকাৰ আৰু অইল ইণ্ডিয়া কৰ্তৃপক্ষই আজিও সক্ষম নহ'ল বাঘজানবাসীৰ মনৰ জুইকুৰা নুমুৱাবলৈ । পুনৰ উপযুক্ত ক্ষতিপূৰণ বিচাৰি ১০ ডিচেম্বৰৰ পৰা তিনি ধৰি আমৰণ অনশন কাৰ্যসূচী ৰূপায়ন কৰিছে নতুন ৰঙাগড়াবাসী ৰাইজে ৷
২৭ মে' তাৰিখে বাঘজান BGR-৫ নং তৈলখাদত সংঘটিত ঘটনাৰ পাছতে যথেষ্ঠ প্ৰভাৱ পৰিছিল বাঘজানৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমূহত ৷ ভূ-কম্পন আৰু তীব্ৰ শব্দৰ মাজেৰে প্ৰায় 7 মাহ ধৰি দিন পাৰ কৰিবলগীয়া হৈছিল বাঘজানৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমূহে। সপোনৰ ঘৰখন জুইত জাহ যোৱাৰ পাচত এক প্ৰকাৰ দিকবিদিক হেৰুৱাই পেলাইছিল বাঘজানবাসী ৰাইজে ৷ মাগুৰি আৰু ডিব্ৰু নদীত মাছ চিকাৰ কৰি জীৱিকা নিৰ্বাহ কৰি পৰিয়াল পোহপোল দিয়া লোকৰ সকলৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা ৷