অসম

assam

ETV Bharat / state

টিংখাঙত মাইক্ৰ'ফাইনেঞ্চৰ বিৰুদ্ধে গৰ্জন মহিলাৰ - টিংখাঙত মাইক্ৰ'ফাইনেঞ্চৰ বিৰুদ্ধে গৰ্জন মহিলাৰ

টিংখাঙত মাইক্ৰ'ফাইনেঞ্চৰ বিৰুদ্ধে হাজাৰ হাজাৰ মহিলাৰ গৰ্জন ৷ দৰকাৰ হ'লে জেললৈ যাব তথাপি বিত্তীয় প্ৰতিষ্ঠানক টকা ঘূৰাই নিদিয়া হুংকাৰ প্ৰতিবাদী মহিলাসকলৰ ৷

টিংখাং
টিংখাঙত মাইক্ৰ'ফাইনেঞ্চৰ বিৰুদ্ধে গৰ্জন মহিলাৰ

By

Published : Jan 6, 2020, 9:52 PM IST

টিংখাঙত মাইক্ৰ'ফাইনেঞ্চৰ বিৰুদ্ধে গৰ্জন মহিলাৰ

টিংখাং, 6 জানুৱাৰীঃ টিংখাঙত সোমবাৰে সমবেত হয় জিলাখনৰ হাজাৰ হাজাৰ মহিলা ৷ ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানৰ বিৰুদ্ধে সমবেত হয় মহিলাসকল । প্ৰয়োজন হ'লে জেললৈ যাবলৈ সাজু কিন্তু মাইক্ৰ'ফাইনেঞ্চক টকা ঘূৰাই নিদিয়ে বুলি মন্তব্য কৰে সমবেত মহিলাসকলে । উল্লেখ্য যে, ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নীতি নিৰ্দেশনা উলংঘা কৰি ক্ষুদ্ৰ বিত্তীয় প্ৰতিষ্ঠানসমূহে গ্ৰামাঞ্চলৰ মহিলাসকলক ঋণ প্ৰদান কৰি আহিছে ৷ পৰৱৰ্তী সময়ত ঋণ পৰিশোধৰ নামত প্ৰতিটো পৰিয়ালৰ লগতে মহিলাসকলক গভীৰ সংকটলৈ ঠেলি দিয়ে । যাৰ বাবে বিগত কিছুদিনৰ পৰা এই বিত্তীয় প্ৰতিষ্ঠানসমূহৰ বিৰুদ্ধে যুঁজ দিবলৈ ওলাই আহিছে গ্ৰামাঞ্চলৰ মহিলাসকল । সোমবাৰে টিংখাঙৰ ৰাজগড়ত ডিব্ৰুগড় জিলা সচেতন মহিলা মঞ্চৰ উদ্যোগত অনুষ্ঠিত হয় এখন আইন সজাগতা সভা । য'ত অংশগ্ৰহণ কৰে জিলাখনৰ কেইবাহাজাৰ ভুক্তভোগী মহিলাই । এইসকল মহিলাৰ এটাই কথা প্ৰয়োজন হ'লে জেললৈ যাবলৈ সাজু কোনো কাৰণত মাইক্ৰ'ফাইনেঞ্চৰ টকা পৰিশোধ নকৰে ।

For All Latest Updates

ABOUT THE AUTHOR

...view details