ডুমডুমা, 7 ছেপ্তেম্বৰ : মাইক্ৰ'ফাইনেঞ্চ কোম্পানীৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল সীমান্তৱৰ্তী তৰাণী গাঁৱৰ মহিলাসকল । তৰাণী প্ৰাথমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত মহিলা সমিতিৰ উদ্যোগত আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ পেঙেৰী আঞ্চলিক সমিতিৰ সহযোগত সোমবাৰে মাইক্ৰ'ফাইনেঞ্চ প্ৰতিষ্ঠানৰ ঋণ ৰেহাই দিয়াৰ লগতে বিদ্যুতৰ মাচুল ৰেহাই আৰু কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত এক বৃহৎ প্ৰতিবাদী সভা অনুষ্ঠিত কৰা হয় ।
ৰাজ্যত কৰ'ণা মহামাৰীৰ পৰিপেক্ষিতত লকডাউন ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ ফলত গ্ৰাম্যাঞ্চলৰ মহিলাসকল আৰ্থিকভাবে ক্ষতিগ্ৰস্ত হৈ পৰিছিল । যাৰ পৰিপেক্ষিতত মাইক্ৰ'ফাইনেঞ্চ প্ৰতিষ্ঠানৰ পৰা লোৱা ঋণ সমূহ ঘূৰাই দিয়াত অসমৰ্থ হৈ পৰিছে গ্ৰাহকসকলে ।