অসম

assam

By

Published : Apr 12, 2023, 3:35 PM IST

ETV Bharat / state

Protest against Drugs: ফিল'বাৰীত ড্ৰাগছৰ বিৰুদ্ধে ৰাইজৰ উত্তাল প্ৰতিবাদ

মাৰাত্মক ড্ৰাগছৰ প্ৰচলনৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগত ৰাইজৰ প্ৰতিবাদ । আজি পৰ্যন্ত ফিল’বাৰীৰ আৰক্ষীয়ে ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে অভিযান নচলোৱাৰ অভিযোগ (Allegation against police in Tinsukia)।

Public protest in Tinsukia against drugs
আৰক্ষীৰ ভুমিকাত ক্ষুব্ধ ৰাইজৰ প্ৰতিবাদ

আৰক্ষীৰ ভুমিকাত ক্ষুব্ধ ৰাইজৰ প্ৰতিবাদ

তিনিচুকীয়া, ১২ এপ্ৰিল:মাৰাত্মক ড্ৰাগছৰ বিৰোধী প্ৰতিবাদত পুনৰ কঁপি উঠিল তিনিচুকীয়া জিলাৰ ফিল'বাৰীত ৷ নৱপ্ৰজন্মৰ ভৱিষ্যতৰ স্বাৰ্থত এই প্ৰতিবাদ সাব্যস্ত কৰা হয় ৷ ফিল'বাৰীৰ ইমূৰৰ পৰা সিমূৰলৈকে বিগত কিছুদিনৰ পৰা ধাৰাবাহিকভাৱে মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে এই প্ৰতিবাদ চলিছে (Public protest in Tinsukia against drugs)। আৰক্ষীৰ ভূমিকাত ক্ষুব্ধ হৈ ৰাইজে এইদৰে প্ৰতিবাদ জনায় ।

মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে মঙলবাৰেও জিলাখনৰ ফিল'বাৰীত স্থানীয় ৰাইজে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ (Drugs awareness programme in Tinsukia)৷ শতাধিক পুৰুষ-মহিলাৰ প্ৰতিবাদত কঁপি উঠে ফিল'বাৰী । আমগুৰি-নাজিৰাটিঙৰ পৰা ফিল'বাৰী আৰক্ষী থানালৈকে উলিওৱা প্ৰতিবাদী সমদলত ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰক, আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক আদি বিভিন্ন শ্ল’গানেৰে উত্তাল পৰিৱেশৰ সৃষ্টি কৰে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে, সম্প্ৰতি ফিল'বাৰীৰ চুকে-কোণেও ড্ৰাগছৰ প্ৰচলন পৰিলক্ষিত হৈ আছে ৷ ড্ৰাগছৰ কৱলত পৰি ফিল'বাৰীৰ বহুতো যুৱক বিপথে পৰিচালিত হৈছে ।

উক্ত প্ৰতিবাদত স্থানীয় কেইবাটাও দল-সংগঠনে ৰাইজৰ এই প্ৰতিবাদত সহযোগ আগবঢ়াই । ফিল'বাৰী আৰক্ষীয়ে ড্ৰাগছ মাফিয়াক কৰায়ত্ত নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে (Protest against Philobari police)। উল্লেখযোগ্য যে, ফিল'বাৰী অঞ্চলত ড্ৰাগছৰ বেহা চলোৱা মাফিয়াৰ এখন তালিকা কিছুদিন পূৰ্বে ৰাইজে ফিল'বাৰী আৰক্ষীক দিছিল । কিন্তু আজি পৰ্যন্ত ফিল’বাৰীৰ আৰক্ষীয়ে ড্ৰাগছ মাফিয়াৰ ঘৰত অভিযান চলোৱা দূৰৰে কথা মাফিয়াকেইটাক থানালৈ মাতি আনি সোধা-পোছা কৰিবলৈও সাহস গোটাব নোৱাৰিলে বুলি আৰক্ষীৰ বিৰুদ্ধে ৰাইজে ক্ষোভ প্ৰকাশ কৰে ।

উল্লেখ্য় যে, ৰাজ্যজুৰি অব্যাহত আছে ড্ৰাগছ বিৰোধী অভিযান (Anti drugs mission in Assam)। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা গ্ৰেপ্তাৰ কৰিছে বহুতো ড্ৰাগছৰ গোচৰত অভিযুক্তক (Anti drug protest in Philobari)। ইয়াৰ পিচতো আৰক্ষীৰ চকুত ধূলি দি একাংশ সৰবৰাহকাৰীয়ে চলাই মাৰাত্মক বৰবিহৰ প্ৰচলন । সেয়েহে নগৰ অঞ্চলৰ পৰা গ্ৰাম্যাঞ্চললৈ প্ৰসাৰিত হোৱা এই ড্ৰাগছৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হৈছে ৰাইজৰ লগতে বিভিন্ন দল-সংগঠনে ।

লগতে পঢ়ক:Nagaon Tense Situation: ডিমৰুগুৰিত আৰক্ষীক শাৰীৰিকভাৱে অপদস্থৰ অভিযোগ; থানাত ৰুজু গোচৰ

For All Latest Updates

ABOUT THE AUTHOR

...view details