অসম

assam

ETV Bharat / state

প্ৰধানমন্ত্ৰীৰ ভ্ৰমণক লৈ তিনিচুকীয়াটো তীব্ৰ প্ৰতিবাদ - প্ৰতিবাদ

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীৰে আজি সমগ্ৰ অসমব্যাপী প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ।

প্ৰতিবাদ

By

Published : Feb 9, 2019, 3:43 PM IST

তিনিচুকীয়া, ৯ ফেব্ৰুৱাৰীঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমণৰ দিনাই ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে । প্ৰস্তাৱিত এইমছৰ ভূমি পূজনৰ বাবে অসমত আহি উপস্থিত হোৱা দেশৰ প্ৰধানমন্ত্ৰীগৰাকীক ক'লা পতাকা দেখুওৱাৰ লগতে প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ সংগঠনটোৱে ।

প্ৰতিবাদ

অসমৰ বিভিন্ন স্থানৰ লগতে তিনিচুকীয়াৰ মাৰ্ঘেৰিটাটো ৩৮নং ৰাষ্ট্ৰীয় ঘাইপথত মোডীৰ পুত্তিলকা দাহ কৰে সংগঠনটোৱে । যুৱ ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলাৰ সাধাৰণ সম্পাদক কাঞ্চণ বৰাৰ নেতৃত্বত শতাধিক সদস্যই বিধেয়কখন বাতিলৰ দাবীৰে বিভিন্ন শ্ল'গানেৰে ঘাইপথ উত্তাল কৰি তোলে ।

ABOUT THE AUTHOR

...view details