তিনিচুকীয়া, 7 ফেব্ৰুৱাৰীঃ ৰাজ্যত অব্যাহত জাতিধ্বংসী CAA বিৰুদ্ধে প্ৰতিবাদ । শুকুৰবাৰে CAA বিৰোধিতাৰে তিনিচুকীয়াত মৰাণ জনগোষ্ঠীৰ ছয়টাকৈ সংগঠনৰ উদ্যোগত "বিশাল সাংস্কৃতিক গণ প্ৰতিবাদী সমদল" বাহিৰ কৰা হয় । মৰাণ জনগোষ্ঠীৰ গায়ন-বায়নকে ধৰি বিভিন্ন সাংস্কৃতিক দলৰ লগতে জিলাখনৰ প্ৰায় 1 সহস্রাধিক মৰাণ ৰাইজে তিনিচুকীয়াৰ কচুজান খেলপথাৰৰ পৰা থানা চাৰিআলি হৈ চেনাইৰাম বৰ্ডিং খেলপথাৰলৈ সমদল বাহিৰ কৰি সাব্যস্ত কৰে প্ৰতিবাদ ।
তিনিচুকীয়াত মৰাণ জনগোষ্ঠীৰ সাংস্কৃতিক প্ৰতিবাদী সমদল
শুকুৰবাৰে CAA বিৰোধিতাৰে তিনিচুকীয়াত মৰাণ জনগোষ্ঠীৰ ছয়টাকৈ সংগঠনৰ উদ্যোগত "বিশাল সাংস্কৃতিক গণ প্ৰতিবাদী সমদল" বাহিৰ কৰা হয় । জিলাখনৰ প্ৰায় 1 সহস্রাধিক মৰাণ ৰাইজে তিনিচুকীয়াৰ কচুজান খেলপথাৰৰ পৰা বাহিৰ কৰে প্ৰতিবাদী সমদল ৷
তিনিচুকীয়াত মৰাণ জনগোষ্ঠীৰ সাংস্কৃতিক প্ৰতিবাদী সমদল
প্ৰতিবাদী সমদল বাহিৰ কৰি সংগঠন কেইটাই কোনো কাৰণতে CAA গ্ৰহণ নকৰাৰ হুংকাৰ প্ৰদানৰ লগতে জনগোষ্ঠীটোক শীঘ্ৰে জনজাতিকৰণৰো দাবী জনায় ।