অসম

assam

ETV Bharat / state

সহস্ৰাধিক জনতাৰ সিংহনাদত কঁপিল নাহৰকটীয়া - শ্বহীদ নগেন ডেকা

নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত কঁপিল নাহৰকটীয়াৰ চাচনী ৷ চাচনী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত তথা বৃহত্তৰ চাচনীবাসীৰ সহযোগত শনিবাৰে চাচনী মেৰবিল ৰাজহুৱা খেলপথাৰত ‘সিংহনাদ’ কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷

Protest against CAA at Naharkatiya
সহস্ৰাধিক জনতাৰ সিংহনাদত কঁপিল নাহৰকটীয়া

By

Published : Jan 18, 2020, 7:38 PM IST

নাহৰকটীয়া, 18 জানুৱাৰীঃ ৰাজ্যত ওৰ পৰা নাই সংশোধিত নাগৰিকত্ব আইনক লৈ প্ৰতিবাদ ৷ ৰাজ্যৰ ভিন্ন ঠাইত উমি উমি জ্বলি আছে এই আইনৰ বিৰুদ্ধে প্ৰতিবাদ ৷ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত কঁপিল নাহৰকটীয়াৰ চাচনী ৷ চাচনী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত তথা বৃহত্তৰ চাচনীবাসীৰ সহযোগত শনিবাৰে চাচনী মেৰবিল ৰাজহুৱা খেলপথাৰত ‘সিংহনাদ’কাৰ্যসূচী ৰূপায়ন কৰা হয় ৷

সহস্ৰাধিক জনতাৰ সিংহনাদত কঁপিল নাহৰকটীয়া

উল্লেখ্য যে অসম আন্দোলনত তেল অৱৰোধ কৰিবলৈ গৈ শ্বহীদ বৰণ কৰা চাচনীৰ দুজনকৈ শ্বহীদ নগেন ডেকা আৰু অজিৎ নেওগৰ সোঁৱৰণত চাচনীবাসীয়ে প্ৰতি বছৰে ১৮ জানুৱাৰী তাৰিখটো শ্বহীদ দিৱস হিচাপে স্মৰণ কৰে ৷ এই শ্বহীদ দিৱসতে শনিবাৰে নাগৰিকত্ব আইন বিৰোধী ‘সিংহনাদ’ কাৰ্যসূচী ৰূপায়ন কৰে বৃহত্তৰ চাচনীবাসীয়ে ৷ সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰা কৰা এই প্ৰতিবাদী কাৰ্যসূচীত চাচনীৰ প্ৰতিঘৰ মানুহে সদৌ অসম ছাত্ৰ সন্থালৈ আগবঢ়াই এডোনকৈ ধান ৷ এই প্ৰতিবাদী সভাত নাগৰিকত্ব আইন কোনোপধ্যে মানি নোলোৱাৰ হুংকাৰ প্ৰতিবাদী জনতাৰ ৷ এই প্ৰতিবাদী জনসভাত অংশগ্ৰহণ কৰি আছুৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে চৰকাৰলৈ হুংকাৰ প্ৰদান কৰে ৷

আৰু পঢ়কঃ২০২১ৰ নিৰ্বাচনত বিজেপিৰ সান্দহখোৱা বালি তল যাব : মনজিৎ মহন্ত

ABOUT THE AUTHOR

...view details