মাৰ্ঘেৰিটা, 4 জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইন 2019 বাতিলৰ দাবীত সমগ্ৰ অসমতে শনিবাৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে জোঁৰ সমদলৰ কাৰ্যসূচী ৰূপায়ণ কৰে। সেই অনুসৰি মাৰ্ঘেৰিটাতো জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মাৰ্ঘেৰিটাৰ আঞ্চলিক সমিতিয়ে জোঁৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰে। যুৱ-ছাত্ৰ পৰিষদৰ মাৰ্ঘেৰিটাৰ আঞ্চলিক সমিতিয়ে শনিবাৰে সন্ধিয়া উলুপৰ পৰা ইনথেমলৈ এক বৃহৎ জোঁৰ সমদল বাহিৰ কৰে। উক্ত জোঁৰ সমদল কাৰ্যসূচীত যুৱ-ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ উপদেষ্টা উলুপৰ লগতে সাধাৰণ সম্পাদক কাঞ্চন বড়াই অংশগ্ৰহণ কৰে।
মাৰ্ঘেৰিটাৰ উলুপত AJYCP জোঁৰ সমদল - তিনিচুকীয়া জিলা
যুৱ-ছাত্ৰ পৰিষদৰ মাৰ্ঘেৰিটাৰ আঞ্চলিক সমিতিয়ে শনিবাৰে সন্ধিয়া উলুপৰ পৰা ইনথেমলৈ এক বৃহৎ জোঁৰ সমদল বাহিৰ কৰে ।
মাৰ্ঘেৰিটাৰ উলুপত জোঁৰ সমদল বাহিৰ