শদিয়া,24 ডিচেম্বৰঃৰাজ্যত ধাৰাবাহিক ভাৱে অব্যাহত আছে জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সংগ্ৰাম ৷ অসমৰ লগতে দেশ বিদেশতো জনসাধাৰণে বিভিন্ন প্ৰকাৰে প্ৰতিবাদ জনাই আহিছে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ৷ ইয়াৰ ব্যতিক্ৰম নহয় বৃহত্তৰ কাকপথাৰ অঞ্চল ৷ কাকপথাৰৰ দৈনিক বজাৰ প্ৰৱেশ পথৰ সন্মুখত মঙলবাৰে কাকপথাৰৰ ব্যৱসায়ী সকলে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ জনাই পালন কৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৷
কাকপথাৰৰ ৰাজপথত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত অৱস্থান ধৰ্মঘট - নাগৰিকত্ব সংশোধনী আইন
নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে সংগ্ৰাম অব্যাহত আছে বৃহত্তৰ কাকপথাৰ অঞ্চলত ৷ মঙলবাৰে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ব্যৱসায়ী সন্থাই ৰূপায়ন কৰে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৷
নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত অৱস্থান ধৰ্মঘট
কোনো কাৰণতে নাগৰিকত্ব সংশোধনী আইন মানি নোলোৱাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ৷ ব্যৱসায়ী সকলৰ এই কাৰ্যসূচীত আছুৰ লগতে কাকপথাৰৰ বিভিন্ন দল সংগঠন , অনুষ্ঠান প্ৰতিষ্ঠানে সহযোগ কৰে ৷ বিভিন্নজনৰ ভাষণৰ সময়ত "জয় আই অসম" , বিজেপি গ’বেক , অসম চৰকাৰ গ’বেক , "কা" আমাক নালাগে আদি নানান শ্ল'গানেৰে উত্তাল কৰি তোলে কাকপথাৰ চহৰৰ সমগ্ৰ পৰিৱেশ ৷
লগতে পঢ়কঃ যোৰহাটৰ বৰহোলাত আটক সন্দেহযুক্ত নাগৰিক