তিনিচুকীয়া,১৯ ডিচেম্বৰ :তিনিচুকীয়াবাসীৰ বাবে সুখবৰ । অইল ইণ্ডিয়া লিমিটেডে জিলাখনৰ অইল অধ্যুষিত অঞ্চলত এক বিশেষ প্ৰকল্প আৰম্ভ কৰিছে । অঞ্চলটোৰ ৰাইজৰ সৰ্বাঙ্গীন উন্নয়নৰ স্বাৰ্থত অইল ইণ্ডিয়া লিমিটেডে আৰম্ভ কৰিছে অইল জীৱিকা প্ৰকল্প । সোমবাৰে তিনিচুকীয়াৰ হোটেল মিৰানাত অইল ইণ্ডিয়া লিমিটেডৰ অইল জীৱিকা প্ৰকল্পৰ শুভ উদ্বোধনী অনুষ্ঠানৰ আয়োজন কৰা হয় (Project Oil Jeevika launched in Tinsukia)৷
অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য আৱাসিক বিষয়া প্ৰশান্ত বৰকাকতিৰ লগতে অইল ইণ্ডিয়া লিমিটেডৰ বহুকেইগৰাকী বিভাগৰ বিষয়াৰ উপস্থিতিত আয়োজিত অনুষ্ঠানটোৰ জৰিয়তে আগন্তুক দিনত কেইবাটাও অইল অধ্যুষিত অঞ্চল সাঙুৰি এই জীৱিকা প্ৰকল্পৰ পৰিকল্পনা কৰাৰ কথা অৱগত কৰে (Project Oil Jeevika)। তিনিচুকীয়াৰ কেইবাটাও অইল অধ্যুষিত অঞ্চলৰ কৃষক, স্থানীয় সচেতন ৰাইজৰ উপস্থিতিত এই প্ৰকল্প সন্দৰ্ভত অইল ইণ্ডিয়া লিমিটেডৰ মুখ্য আৱাসিক বিষয়া প্ৰশান্ত বৰকাকতিয়ে বক্তব্য দাঙি ধৰি এয়া এক সপোনৰ পৰিকল্পনা বুলি জানিবলৈ দিয়ে ৷ নিজৰ প্ৰতিভাৰ জৰিয়তে সকলোৱে জীৱিকা লাভ কৰিব পাৰিব ৷
তেওঁ ৰাইজক উদ্দেশ্যি কয় যে সকলোৱে যদি যিকোনো কাম নিয়াৰিকৈ কৰিব পাৰে তেনেহ'লে নিশ্চয় সফল হ'ব পাৰিব ৷ তেওঁৰ মতে আমাৰ হাতত থকা সম্পদসমূহ উপস্থাপন কৰিব পাৰিব লাগিব ৷ তেওঁ ৰাইজৰ উন্নয়ন প্ৰতিশ্ৰুতি দি কয় যে অইল কৰ্তৃপক্ষই কেৱল তেল উলিয়াব তেনে নহয়, স্থানীয় ৰাইজক আগুৱাইও লৈ যাব লাগিব ৷ অইল অঞ্চলটোৰ ৰাইজৰ উদ্যোগ ৷ সেয়ে এই প্ৰকল্পৰ অধীনত সকলোকে নিষ্ঠাৰে কাম কৰিবলৈ তেওঁ আহ্বান জনায় । এয়া এক আন্দোলন পৰিণত হ'ব লাগে বুলিও তেওঁ কয় ৷