মাৰ্ঘেৰিটা,17 জুন : আৰ্থিকভাৱে দুৰ্বল লোকসকলে সম্পূৰ্ণ বিনামূলীয়াকৈ বিদ্যুৎ সংযোগৰ সুবিধা লাভ কৰাৰ হেতুকে প্ৰধানমন্ত্ৰীৰ সৌভাগ্য আঁচনি(Pradhanmantri sabhagya yojna) আৰম্ভ কৰা হৈছিল ৷ এই আঁচনিৰ যোগেদি দেশৰ ভিতৰুৱা গাঁৱৰ লোকসকলে যাতে বিজুলী সংযোগৰ পৰা বঞ্চিত নহয় সেই লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল ৷ শেহতীয়াকৈ তিনিচুকীয়াৰ মাৰ্ঘেৰিটাত এই আঁচনিখনৰ ৰূপায়ণৰ ক্ষেত্ৰত ব্যাপক বিসংগতি হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷
উল্লেখযোগ্য যে, এই আঁচনিৰ অধীনত বিদ্যুৎ সংযোগ পোৱাৰ সাত মাহ অতিক্ৰম কৰিলে যদিও মাৰ্ঘেৰিটাৰ লিখাজানৰ অতি পিছপৰা অঞ্চলটোৰ লোকসকলে আজি পৰ্যন্ত বিজুলীৰ পোহৰ পাবলৈ সক্ষম হোৱা নাই ৷ ইলেকট্ৰ' কিং (electro king) নামৰ এটা বিদ্যুৎ সংযোগকাৰী প্ৰতিষ্ঠানে বিজুলী সংযোগ কৰিলে যদিও মিটাৰৰ অভাৱত প্ৰায় 60 টা পৰিয়াল থকা গাঁৱখনৰ ৰাইজে আজিলৈকে নাপালে বিজুলীৰ সংযোগ ৷ ইফালে, বিনামূলীয়া আঁচনিখন ৰূপায়ণৰ পৰিৱৰ্তে এপিডিচিএল(APDCL)ৰ কৰ্তৃপক্ষই গাঁৱবাসীৰ পৰা চিকিউৰিটিৰ ধন বিচৰা বুলি অৱগত কৰিছে ৰাইজে ৷