অসম

assam

ETV Bharat / state

তিনিচুকীয়াত সদৌ অসম ভিত্তিত প্ৰাইজমানি বেডমিণ্টন প্ৰতিযোগিতা - Prize Money Badminton Tournament

তিনিচুকীয়াৰ ঐতিহ্যমণ্ডিত চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সন্মিলনৰ উদ্যোগত এদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হয় অসম ভিত্তিত বেডমিণ্টন প্ৰতিযোগিতা (Prize Money Badminton Tournament) ৷ কচুজান খেলপথাৰৰ ইনড'ৰ ষ্টেডিয়ামত প্ৰথম বাৰ্ষিক সদৌ অসম ভিত্তিত অনুষ্ঠিত কৰা হয় এই প্ৰাইজমানি বেডমিণ্টন প্ৰতিযোগিতা ।

Prize Money Badminton Tournament held in Tinsukia
তিনিচুকীয়াৰ চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজন প্ৰাইজমানি বেডমিণ্টন প্ৰতিযোগিতা

By

Published : Sep 4, 2022, 12:22 PM IST

তিনিচুকীয়া, 4 চেপ্টেম্বৰ: তিনিচুকীয়াৰ ঐতিহ্যমণ্ডিত চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ সন্মিলনৰ উদ্যোগত শনিবাৰে অনুষ্ঠিত হৈ যায় প্ৰাইজমানি বেডমিণ্টন প্ৰতিযোগিতা (Prize Money Badminton Tournament) ৷ বিদ্যালয়খনৰ দুগৰাকী প্ৰয়াত প্ৰাক্তন ছাত্ৰ চক্ৰেটিছ সিনহা আৰু অভিজিৎ সন্দিকৈৰ সোঁৱৰণিত তিনিচুকীয়া জিলা ক্ৰীড়া সন্থাৰ কচুজান খেলপথাৰৰ ইনড'ৰ ষ্টেডিয়ামত এদিনীয়া কাৰ্যসূচীৰে প্ৰথম বাৰ্ষিক সদৌ অসম ভিত্তিত অনুষ্ঠিত কৰা হয় প্ৰাইজমানি বেডমিণ্টন প্ৰতিযোগিতা (Senairam H S School)।

প্ৰতিযোগিতা শুভাৰম্ভ কৰাৰ প্ৰাকমূহুৰ্তত দিনটোৰ প্ৰথমটো কাৰ্যসূচী হিচাপে বন্তি প্ৰজ্বলন কৰে প্ৰাক্তন ছাত্ৰ সন্মিলনৰ বিষয়-ববীয়াই । ইয়াৰ পিছতে আৰম্ভ হয় অসম ভিত্তিত আয়োজন কৰা বেডমিণ্টন প্ৰতিযোগিতা । দুটা শাখাত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাখনত বিভিন্ন প্ৰান্তৰ খেলুৱৈসকলে অংশগ্ৰহণ কৰা দেখা যায় ৷ ইয়াৰ ভিতৰত নগাঁও, লখিমপুৰ, হোজাই, বঙাইগাঁও, মৰাণ, ডিব্ৰুগড়, দুলিয়াজান আদি বিভিন্ন জিলাৰ খেলুৱৈসকলে অংশগ্ৰহণ কৰে ।

তিনিচুকীয়াৰ চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজন প্ৰাইজমানি বেডমিণ্টন প্ৰতিযোগিতা

প্ৰতিযোগিতাৰ অন্তত চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ তথা উপ আৰক্ষী মহাপৰিদৰ্শক প্ৰশান্ত সাগৰ চাংমাই, তিনিচুকীয়া মহাবিদ্যালয়ৰ প্ৰৱক্তা অজিত চন্দ্ৰ ফুকন, যাদৱ শৰ্মা, ত্ৰিদীপ কোঁৱৰকে ধৰি মুঠ পাঁচগৰাকী বিশেষ ব্যক্তিক সম্বৰ্ধনা জনোৱা হয় ।

উল্লেখ্য যে, চেনাইৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন সন্মিলনৰ সভাপতি সঞ্জীৱ বৰাই প্ৰাক্তন ছাত্ৰ সন্মিলনৰ সমূহ বিষয়-ববীয়াসকলৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা অহা খেলুৱৈসকলক আৰু ক্ৰীড়াপ্ৰেমী ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে ।

লগতে পঢ়ক:গুৱাহাটীত আৰম্ভ হ’ল এছিয়াৰ আটাইতকৈ পুৰণি ফুটবল প্ৰতিযোগিতা

ABOUT THE AUTHOR

...view details