অসম

assam

ETV Bharat / state

এটা কম্পিউটাৰেৰে আৰম্ভ কৰা সপোনটো আজি পূৰ্ণতাৰ পথত - তিনিচুকীয়া

এটা ছপাশালে দিছে ৪২জনকৈ শিক্ষিত নিবনুৱাক সংস্থাপন

"দি আসাম কম্পিউটাৰচ"

By

Published : Feb 28, 2019, 9:49 AM IST

তিনিচুকীয়া, ২৮ ফেব্ৰুৱাৰীঃতিনিচুকীয়া জিলাৰ এটা কম্পিউটাৰে আৰম্ভ কৰা এটা ছপাশাল উদ্যোগ য'ত এতিয়া সংস্থাপন লাভ কৰিছে ৪২জনকৈ শিক্ষিত নিবনুৱাই । ২০০০চনত মাত্ৰ এটা কম্পিউটাৰেৰে তিনিচুকীয়াত প্ৰতিষ্ঠা হৈছিল "দি আসাম কম্পিউটাৰচ" নামৰ এই অসমীয়া ছপাশাল উদ্যোগটো। এই প্ৰতিষ্ঠানটো আৰম্ভ কৰিছে এজন যুৱ উদ্যোগী ৰাজৰ্ষী গগৈয়ে ।

"দি আসাম কম্পিউটাৰচ"

প্ৰতিষ্ঠানটোৰ স্বত্তাধিকাৰী তথা যুৱ উদ্যোগী ৰাজৰ্ষী গগৈয়ে অশেষ ধৈৰ্য্য আৰু একাগ্ৰতাৰে "দি আসাম কম্পিউটাৰচক" প্ৰথম শ্ৰেণীৰ ছপাশাল ৰূপে গঢ় দিবলৈ সক্ষম হৈছে। বৰ্তমান সমগ্র উজনি অসমতেই ৰাজৰ্ষী গগৈয়ে ব্যৱসায়িক ক্ষেত্ৰখন সাঙুৰি লবলৈ সক্ষম হৈছে। এই প্ৰতিষ্ঠানটোত ৪২গৰাকী অসমীয়া যুৱক যুৱতীক আত্মসংস্থাপন দি উপকৃত কৰিছে উদ্যোগী গগৈয়ে । ইতিমধ্যে এজন অসমীয়া উদ্যোগী যুৱক হিচাপে সফলতা অৰ্জন কৰাত ২০১৬ চনত ৰাজ্য চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগে ৰাজৰ্ষীক গগৈক উদ্যোগী বঁটা প্ৰদান কৰিছে ।

ইয়াৰ ওপৰিও চলিত বর্ষৰ আৰম্ভণিতেই কেইবাটাও নতুন আৰু অত্যাধুনিক যন্ত্ৰ স্থাপন কৰি ছপাশালটোক আৰু অধিক শক্তিশালী কৰি তোলাত মনোনিৱেশ কৰাৰ লগতে নতুনকৈ যোৰহাট চহৰটো "দি আসাম কম্পিউটাৰচৰ" এটা শাখা মুকলি কৰিবলৈ পৰিকল্পনা হাতত লৈছে যুৱ উদ্যোগী গৰাকীয়ে। নিজস্ব ত্যাগ ধৈৰ্য আৰু একাগ্ৰতাক মূলমন্ত্ৰ হিচাপে শিৰত লৈ উদ্যোগৰ ক্ষেত্ৰখনত সাফল্য অৰ্জন কৰা এইগৰাকী যুৱ উদ্যোগীয়ে নতুন প্ৰজন্মৰ বাবে এতিয়া আদৰ্শৰ চানেকি হৈ পৰিছে।

ABOUT THE AUTHOR

...view details