তিনিচুকীয়া,15 মাৰ্চ: দেওবাৰে সদৌ মটক ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি ভাস্কৰ বৰুৱাক কেন্দ্ৰীয় সমিতিয়ে সংগঠনৰ পৰা বহিস্কাৰ কৰিছিল বুলি এক ৱেব প’ৰ্টেলত বাতৰি সম্প্ৰচাৰ হৈছিল ৷ কেন্দ্ৰীয় সমিতিয়ে অভিযোগ কৰিছিল যে, ভাস্কৰ বৰুৱাই গ্ৰাম্য অঞ্চলৰ সহজ সৰল নিবনুৱা যুৱক-যুৱতীৰ পৰা চাকৰিৰ প্ৰলোভন দি ধন সংগ্ৰহ কৰিছিল ৷ সেয়েহে তেওঁক মটক ছাত্ৰ সন্থাৰ প্ৰাথমিক সদস্যৰ পৰাও বহিস্কাৰ কৰিছিল ৷
কিন্ত আজি তিনিচুকীয়াত সদৌ মটক ছাত্ৰ সন্থাই এক সংবাদমেল আয়োজন কৰি ভাস্কৰ বৰুৱাৰ ওপৰত কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা যোগল বৰুৱাই ভুৱা অভিযোগ আনিছে বুলি মন্তব্য কৰে ৷ লগতে কয় যে, যোগল বৰুৱাক কেইবামাহৰ আগতে সদৌ মটক ছাত্ৰ সন্থাৰ উপদেষ্টা পদৰ পৰা বহিস্কাৰ কৰা হৈছে গতিকে তেওঁৰ অভিযোগৰ কোনো ধৰণৰ গুৰুত্ব নাই ৷