অসম

assam

ETV Bharat / state

জীৱন মৰাণৰ মুক্তিৰ দাবী প্ৰাক্তন আলফা নেতাৰ - প্ৰাক্তন মুখ্যমন্ত্ৰী

কাকপথাৰত প্ৰাক্তন আলফা সকলে সংস্থাপনৰ লগতে প্ৰাক্তন আলফা (EX-ULFA) সদস্যৰ নিৰাপত্তা আৰু জীৱন মৰাণক মুকলি কৰি দিবলৈ চৰকাৰক দাবী জনাইছে ৷ অৰবিন্দ ৰাজখোৱা, জীতেন দত্তই যদি মুকলি আকাশৰ তলত থাকিব পাৰে তেনে জীৱন মৰাণ মৰাণ জনগোষ্ঠী হোৱাৰ বাবেই কাৰাগাৰত ৰাখিছে নেকি বুলি প্ৰশ্ন উথাপন ৷

জীৱন মৰাণ, মৰাণ জনগোষ্ঠী হোৱাৰ বাবেই কাৰাগাৰত ৰাখিছে নেকি: প্ৰাক্তন আলফা
জীৱন মৰাণ, মৰাণ জনগোষ্ঠী হোৱাৰ বাবেই কাৰাগাৰত ৰাখিছে নেকি: প্ৰাক্তন আলফা

By

Published : Jun 13, 2021, 11:04 PM IST

Updated : Jun 14, 2021, 9:35 AM IST

শদিয়া, 13 জুন :প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আহ্বান মৰ্মে আত্মসৰ্মপন কৰা প্ৰাক্তন একাংশ আলফাই কেইবাটাও সমস্যা সমাধানৰ দাবীত কাকপথাৰত দেওবাৰে এখন সংবাদমেলৰ আয়োজন কৰে ৷ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মূল সুঁতিলৈ আহিলে সংস্থাপনৰ প্ৰতিশ্ৰুতি দিছিল যদিও সেইয়া ৰক্ষা নকৰাৰ অভিযোগ কৰে প্ৰাক্তন আলফা সকলে ৷ তাৰ সমান্তৰালভাবে সদস্য সকলে নিৰাপত্তাহীনতাত ভুগি থকা বুলি মত প্ৰকাশ কৰে ৷

জীৱন মৰাণ, মৰাণ জনগোষ্ঠী হোৱাৰ বাবেই কাৰাগাৰত ৰাখিছে নেকি: প্ৰাক্তন আলফা

আলফা(স্বা)নে স্বাস্থ্যজনিত কাৰণত অব্যাহতি দিয়া জীৱন মৰাণক ৰাজ্য চৰকাৰে গুৰুত্ব নিদিয়াৰ লগতে কিয় জেললৈ নিক্ষেপ কৰিলে বুলি প্ৰশ্ন কৰে ৷ বিনাচৰ্তে জীৱন মৰাণক মোকলাই দিয়াৰ দাবী উথাপন কৰে প্ৰাক্তন আলফা সকলে ৷ অৰবিন্দ ৰাজখোৱা, জীতেন দত্তই যদি মুকলি আকাশৰ তলত থাকিব পাৰে তেনে জীৱন মৰাণ মৰাণ জনগোষ্ঠী হোৱাৰ বাবেই কাৰাগাৰত ৰাখিছে নেকি বুলি প্ৰশ্ন উথাপন ৷ ভৱিষ্যতে আলফা(স্বা)লৈ যোৱাৰ পথ মুকলি ৰখা বুলি তাৎপৰ্য পূৰ্ণ মন্তব্য কৰে প্ৰাক্তন আলফা সকলে ৷

উল্লেখ্য যে, ২০১৬ চনৰ পৰা বৰ্তমান পৰ্যন্ত প্ৰায় ৬০জনৰো অধিক আত্মসৰ্মপনকাৰীৰ লগতে সেনা, আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা প্ৰাক্তন আলফাৰ সদস্যসকলে অসমৰ নতুন মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তক অতিসোনকালে উক্ত দাবী সমূহ পূৰণ কৰিবলৈ আহ্বান জনায় ৷ আজিৰ সংবাদমেলত প্ৰাক্তন আলফা সফাপতি হিৰণ্য মৰাণ ওৰফে গদা অসম, সম্পাদক ৰাজেশ লাহন ওৰফে ৰাজ অসমকে ধৰি প্ৰায় অৰ্ধশতাধিক সদস্যই অংশগ্ৰহণ কৰে ৷

লগতে পঢ়ক: উপেক্ষিত হৈ ৰৈছে ভ্ৰাম্যমাণৰ জনক অচ্যুত লহকৰ !

Last Updated : Jun 14, 2021, 9:35 AM IST

ABOUT THE AUTHOR

...view details