অসম

assam

ETV Bharat / state

তিনিচুকীয়াত "সন্মিলিত শিল্পী জাগৰণ মঞ্চ"ৰ সংবাদ মেল সম্বোধন - Press meet by Sanmilito hilpi jagaran mancha in Tinsukia

মঙলবাৰে তিনিচুকীয়া শাখা সাহিত্য সভা ভৱনত বিভিন্ন বিষয়ত আলোচনা কৰাৰ বাবে এখন সাধাৰণ সভা অনুষ্ঠিত কৰাৰ লগতে সংবাদমেল সম্বোধন কৰে "সন্মিলিত শিল্পী জাগৰণ মঞ্চ"ই ৷ সভাত সভাপতিত্ব কৰে নৱগঠিত মঞ্চখনৰ সম্পাদক অৰুণজ্যোতি তাঁতীয়ে ৷

press-meet-by-sanmilito-hilpi-jagaran-mancha-in-tinsukia
তিনিচুকীয়াত "সন্মিলিত শিল্পী জাগৰণ মঞ্চ"ৰ সংবাদ মেল সম্বোধন

By

Published : Sep 28, 2021, 9:37 PM IST

তিনিচুকীয়া, 28 ছেপ্তেম্বৰ : সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষ তথা অসমতো ক'ৰণা মহামাৰীয়ে পেলোৱা প্ৰভাৱৰ ফলত শিল্পী, কলা-কুশলী সকলৰ অৱস্থা তথৈবচ হৈ পৰিছে ৷ তাৰোপৰি ভাৰতবৰ্ষ তথা অসমৰ ভিন ভিন ঠাইত কৰ্ম সম্পাদন কৰি থকা বহুতো শিল্পী, কলা-কুশলী গৃহমুখী হৈ প্ৰায় কৰ্মহীন হৈ পৰিছে ৷ বৰ্তমান শিল্পী সকলে ভবিষ্যতৰ অনিশ্চয়তাত ভুগি থকাৰ লগতে আৰু এনে অৱস্থাৰ পৰা পৰিত্ৰাণ পাবলৈ এক স্থায়ী সমাধানৰ বাবে আশাৰে বাট চাই আছে ৷

তিনিচুকীয়াত "সন্মিলিত শিল্পী জাগৰণ মঞ্চ"ৰ সদস্য-সদস্যা সকল

এনে পৰিৱেশত নিজ-নিজ ঠাইতে থাকি নিজৰ প্ৰতিভা বিকাশ কৰু কৰ্ম কৰি যাব পৰাকৈ সকলোকে একত্ৰিত কৰি এক সুস্থ সাংস্কৃতিক পৰিবেশ গঢ়ি তুলিবলৈ তিনিচুকীয়াৰ শিল্পী সকলে জন্ম দিছে "সন্মিলিত শিল্পী জাগৰণ মঞ্চ" নামৰ এক সংগঠন ৷ মঙলবাৰে তিনিচুকীয়া শাখা সাহিত্য সভা ভৱনত এই মঞ্চৰ দ্বাৰা এখন সংবাদ মেল আৰু সাধাৰণ সভা অনুষ্ঠিত কৰা হয় ৷ সভাত সভাপতিত্ব কৰে নৱগঠিত মঞ্চখনৰ সম্পাদক অৰুণজ্যোতি তাঁতীয়ে ৷

সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সাধাৰণ সম্পাদক মনোমোহন বৰুৱাই ৷ অনাগত দিনত সকলোৰে সহযোগিতা কামনা কৰি সকলো শিল্পী, কলা-কুশলী সকলক একেখন মঞ্চলৈ নিমন্ত্ৰণ জনাই মনোমোহন বৰুৱাই ৷ সংবাদমেলত জিলাখনৰ প্ৰায় ডেৰ শতাধিক শিল্পী, কলা-কুশলী উপস্থিতি থাকে ৷

তিনিচুকীয়াত "সন্মিলিত শিল্পী জাগৰণ মঞ্চ"ৰ সংবাদ মেল সম্বোধন

সংবাদ মেলত মনোমোহন বৰুৱাই "সন্মিলিত শিল্পী জাগৰণ মঞ্চ"ৰ দ্বাৰা অনাগত দিনত জ্যেষ্ঠ শিল্পীক স্বীকৃতি প্ৰদান আৰু সম্বৰ্ধনা, কৰ্মশালাৰ আয়োজন কৰা, বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা, প্ৰতিভাৱান শিল্পীক সুবিধা প্ৰদান কৰা, দুখীয়া ছাত্ৰ-ছাত্ৰীক সাহায্য প্ৰদান, এখন পূৰ্ণাংগ কলা আৰু কাৰিকৰী জ্ঞানৰ পাঠদানৰ এখন প্ৰতিষ্ঠান নিৰ্মাণ কৰা, অপসংস্কৃতি ৰোধকে আদি কৰি ভালে সংখ্যক কাৰ্যসূচী গ্ৰহণ কৰাৰ কথা জানিবলৈ দিয়ে ৷

জনপ্ৰিয় কন্ঠশিল্পী মনোমোহন বৰুৱাৰ আহ্বানত জন্ম লাভ কৰা এই "সন্মিলিত শিল্পী জাগৰণ মঞ্চ"ত জড়িত হৈ আছে-অৰুণ জ্যোতি তাঁতী, জনপ্ৰিয় কণ্ঠশিল্পী নিলাক্ষী নেওগ,বন গীত সম্ৰাট লোহিত দাস , জ্যেষ্ঠ শিল্পী অমৃত ৰাজখোৱা, জ্যেষ্ঠ শিল্পী কামিনী কুমাৰ গোহাঁই, সংগীত শিল্পী জোন জোনাক, নৱপ্ৰজন্মৰ শিল্পী ক্ৰমে ৰাজীৱ হাজৰিকা, উদিপ্ত দত্ত , ধ্ৰুৱজ্যোতি দত্ত, হীৰক দত্ত, পাৰ্থজ্যোতি বৰুৱা, বিশ্বৰূপ বৰা, নৱকিশোৰ দত্ত, ইউৰেকা বৰুৱাকে ধৰি মৱপ্ৰজন্মৰ বহুকেইগৰাকী শিল্পী ৷

লগতে পঢ়কঃঅসম আৰক্ষীৰ নিযুক্তি প্ৰক্ৰিয়াত কেলেংকাৰী : আটক আৰক্ষী সহ 7 গৰাকী

ABOUT THE AUTHOR

...view details