তিনিচুকীয়া, ২১ মাৰ্চ : “খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ অনুমতি তথা সন্মতি অবিহনে চৰকাৰে এই টিৰাপ ভূখণ্ডত কয়লাৰ মুক্ত খননকাৰ্য চলাই খিলঞ্জীয়া জনগোষ্ঠীৰ জনজীৱন বিধ্বস্ত কৰিছে, নানা বেমাৰত ভোগাইছে, খোৱাপানী স্বাস্থ্যৰ অনুপযোগী কৰিছে, জীৱ-জন্তুৰ বাসৰ অনুপযোগী কৰিছে । ইতিমধ্যে বিভিন্ন প্ৰজাতিৰ জীৱ-জন্তু ধ্বংস কৰিছে ।” সোমবাৰে তিনিচুকীয়াৰ বিষ্ণুজ্যোতি সাংস্কৃতিক সমাজৰ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত টিৰাপ স্বায়ত্ত শাসন দাবী সমিতিয়ে এই কথা কয় (tirap autonomous council demanding committee) ।
সংবাদমেলত শীঘ্ৰে মুক্ত কয়লা খননকাৰ্য বন্ধ কৰিবলৈ, ক্ষতিগ্ৰস্ত লোকসকলক উপযুক্ত ক্ষতিপূৰণ দিবলৈ, টিৰাপৰ জনজাতি আবেষ্টনীৰ পৰা ১৯৫১ৰ পিছত অহা অবৈধ বিদেশী বঙালী হিন্দু-মুছলমান আৰু নেপালী আৰু বহিৰাগত লোকসকলক বহিষ্কাৰ কৰিবলৈ দাবী জনোৱাৰ লগতে ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া লোকৰ অধিকাৰ চনদৰ (UN Charter of Rights of Indigenous Peoples) আধাৰত খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ সুৰক্ষাৰ ব্যৱস্থা কৰিবলৈকে টিৰাপ স্বায়ত্তশাসিত পৰিষদ শীঘ্ৰে গঠন কৰিবলৈ দাবী জনায় (demanding tirap autonomous council) ।
এই সন্দৰ্ভত অসম চৰকাৰৰ মুখ্য সচিবলৈ তিনিচুকীয়া জিলাৰ উপায়ুক্তৰ জৰিয়তে এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে টিৰাপ স্বায়ত্তশাসিত দাবী সমিতিয়ে । লগতে অসম চৰকাৰৰ ৰাজহ বিভাগৰ সচিব আৰু অনুসূচিত জনজাতি আৰু পিছপৰা সম্প্ৰদায়ৰ কল্যাণ বিভাগৰ (Department of Welfare of Scheduled Tribes and Backward Communities) সচিবলৈ স্মাৰক-পত্ৰ প্ৰেৰণ কৰে । স্মাৰক-পত্ৰত ৰাষ্ট্ৰসংঘৰ খিলঞ্জীয়া লোকৰ অধিকাৰ চনদৰ ২৬, ২৮ আৰু ২৯ অনুচ্ছেদ অসম চৰকাৰে ভংগ কৰাৰ অভিযোগ উত্থাপন কৰে । অনুচ্ছেদ ২৬ মতে, "খিলঞ্জীয়া লোকসকলে পৰম্পৰাগতভাৱে আহৰণ কৰা, দখল কৰা বা আন ধৰণে অধিকাৰ কৰা বা ব্যৱহাৰ কৰা মাটি, অঞ্চল আৰু সম্পদৰ ওপৰত অধিকাৰ থাকিব ।"