অসম

assam

By

Published : Jul 12, 2023, 2:15 PM IST

ETV Bharat / state

Assam Sanmilita Mahasangh : শদিয়া জনজাতি আৱেষ্টনীক সকলো দিশতে সুৰক্ষিত কৰাৰ দাবী মতিউৰ ৰহমানৰ

শদিয়া জনজাতি আবেষ্টনীত ব্যাপক বেদখল ৷ তালাপত সন্মিলিত মহাসংঘ অসম আৰু শদিয়া জনজাতি আৱেষ্টনী সুৰক্ষা আৰু উন্নয়ন সমিতিৰ যৌথ সংবাদমেল ৷ জনজাতিৰ সুৰক্ষাৰ বাবে গঠন কৰা শদিয়া জনজাতি আৱেষ্টনীক সকলো দিশতে সুৰক্ষিত কৰিবলৈ সংবাদমেল যোগে সন্মিলিত মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানে দাবী জনায় ।

ASM president Motiur Rahman in Tinsukia
শদিয়া জনজাতি আৱেষ্টনীত ব্যাপক বেদখল সন্দৰ্ভত সংবাদ মেল

তিনিচুকীয়া, 12 জুলাই : “আবৰ, মিছিমি, টিৰাপ জনজাতি আৱেষ্টনীৰ পৰা পৃথক কৰি টি আৰ বি/ আৰ ই মই/73/50/43 নং জাননী যোগে 1951 চনৰ 13 মাৰ্চত শদিয়া চক্ৰৰ 5,90,851 বিঘা আৰু ডুমডুমা চক্ৰৰ 64,614 বিঘা মাটি অৰ্থাৎ সৰ্বমুঠ 3,55,465 মাটিকালিৰে শদিয়া জনজাতি আৱেষ্টনী গঠন কৰা হৈছিল । খিলঞ্জীয়া জনজাতি লোকসকলৰ সুৰক্ষাৰ বাবে গঠন কৰা শদিয়া জনজাতি আৱেষ্টনীৰ 50% মাটি অবৈধভাবে বিদেশী অ-খিলঞ্জীয়া আৰু অনা-অসমীয়া লোকে দখল কৰি আছে । বিজেপি-অগপৰ যৌথ চৰকাৰে অ-খিলঞ্জীয়া 238 জন নেপালী আৰু 2 জন বিহাৰী লোকক মিছন বসুন্ধৰা 1 আঁচনিৰ নামত মাটিৰ পট্টা দিছে ।”- এই অভিযোগ শদিয়া জনজাতি আবেষ্টনী সংৰক্ষণ আৰু উন্নয়ন সমিতিৰ । তিনিচুকীয়া জিলাৰ তালাপস্থিত তালাপ গাওঁ পঞ্চায়তৰ প্ৰেক্ষাগৃহত শদিয়াৰ জনজাতীয় আৱেষ্টনী সংৰক্ষণ উন্নয়ন সমিতি আৰু সন্মিলিত মহাসংঘ অসমে মংগলবাৰে যৌথভাৱে এক সংবাদমেল আয়োজন কৰে ৷

শাসনাধিষ্ঠিত চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে শদিয়াৰ নাহৰবাৰী, টৰীবাৰী, 4 নং নেপালী গাঁও, বৰগৰাহ খনিবাৰী, মাজগাঁও, ঘোৰমৰা বগৰীবাৰী, ওপৰ নাচাই, ন-মাইল, অম্বিকাপুৰ, পাটি পথাৰ, আঠ মাইল ডোম পথাৰ, পাঁচ মাইল, গোশালা চুমৈ পথাৰ, বৰবিল লক্ষপুৰ আৰু চুনপুৰা আদি 15 খন গাঁৱত নেপালী গাঁওবুঢ়াক নিযুক্তি প্ৰদান কৰিছে । তাহানিৰ চুতীয়া ৰাজ্যৰ অংশ তথা শদিয়াখোৱাগোহাঁইৰ শাসনত থকা শদিয়াত বিদেশী অ-খিলঞ্জীয়া তথা অনা-অসমীয়ালোকক মাটি দি অসম চৰকাৰে হাজাৰ বছৰীয়া খিলঞ্জীয়াৰ অধিকাৰ কাঢ়ি নিয়া বুলি উল্লেখ কৰাৰ লগতে গুৱাহাটী উচ্চ ন্যায়ালয়ে 78/2012 নং ৰাজহুৱা স্বাৰ্থজনিত গোচৰত অসমৰ সকলো জনজাতীয় আৱেষ্টনীৰ পৰা অবৈধ বেদখলকাৰীক উচ্ছেদ কৰিবলৈ দিয়া নিৰ্দেশ কাৰ্যকৰী নকৰাৰ বাবে তীব্ৰ ক্ষোভ প্ৰকাশ কৰে সংগঠনটোয়ে ।

উল্লেখ্য যে, যোৱা 8 জুলাইত অনুষ্ঠিত হোৱা শদিয়া জনজাতি আৱেষ্টনী সংৰক্ষণ আৰু উন্নয়ন সমিতিৰ ৰাজহুৱা সভাই জনজাতি লোকসকলৰ প্ৰতি অহা ভাবুকিৰ কথা বিশদভাৱে আলোচনা কৰি দেশৰ সংবিধানৰ আধাৰত শদিয়াত অবৈধ বিদেশী চিনাক্ত কৰাৰ ভিত্তি বছৰ 1951 দাবী কৰাৰ লগতে খিলঞ্জীয়া নাগৰিকৰ ভিত্তি বছৰ 1826 হ'ব লাগিব বুলি ঘোষণা কৰে । সভাই শদিয়া জনজাতি আৱেষ্টনীকলৈ শদিয়া সমষ্টি কেৱল খিলঞ্জীয়া জনজাতিৰ বাবে সংৰক্ষিত কৰিবলৈ আৰু প্ৰশাসনিকভাৱে শদিয়া জিলা গঠন কৰিবলৈ দাবী জনায় । মংগলবাৰৰ উক্ত সংবাদ মেলখনত শদিয়া জনজাতি সংঘৰ সভাপতি পৱন দেউৰী আৰু সাধাৰণ সম্পাদক প্ৰণৱ কুমাৰ বড়া আৰু অসম সন্মিলিত মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমান উপস্থিত থাকে ।

লগতে পঢ়ক :Assam erosion news : ৰঙাপৰাত ডিপোটা নদীৰ ভয়ংকৰ গৰাখহনীয়া; শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ আহ্বান চৰকাৰলৈ

ABOUT THE AUTHOR

...view details