কাকপথাৰত প্ৰেছ ক্লাবৰ দ্বাৰা জেষ্ঠজনক সম্বৰ্দ্ধনা - _honour
কাকপথাৰ পহিলা বহাগৰ দিনটোতে সম্বৰ্ধনা ৷ প্ৰেছ ক্লাবে ঘৰে ঘৰে গৈ জেষ্ঠজনক জনালে সম্বৰ্ধনা ৷
![কাকপথাৰত প্ৰেছ ক্লাবৰ দ্বাৰা জেষ্ঠজনক সম্বৰ্দ্ধনা](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-3008937-thumbnail-3x2-jpg.jpg)
তিনিচুকীয়া,15এপ্ৰিল: সোমবাৰে পহিলা বহাগৰ দিনটোত কাকপথাৰ প্ৰেছ ক্লাবে সম্বৰ্দ্ধনা কাৰ্যসূচী হাতত লয় ৷ কাকপথাৰ অঞ্চলৰ বিভিন্ন সামাজিক দিশত অৱদান আগবঢ়াই অহা চাৰিজনকৈ জেষ্ঠ নাগৰিকক ঘৰে ঘৰে গৈ সম্বৰ্দ্ধনা জনায় ক্লাবটোৱে ৷ কাকপথাৰ প্ৰেছ ক্লাবৰ সভাপতি পৰাগ ভূঞা, সম্পাদক দীপেন লহকৰৰ নেতৃত্বত যোৱা সাংবাদিকৰ দলটোৱে জেষ্ঠ নাগৰিক বুৰঞ্জীবিদ শ্ৰীকোমাৰ দহোটীয়া, সমাজকৰ্মী সুৰেন্দ্ৰনাথ দহোটীয়া, সমাজকৰ্মী ৰণিধৰ ডেকা আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলোৱৈ বিনা বৰকটকীক সম্বৰ্দ্ধনা জ্ঞাপন কৰাৰ লগতে প্ৰেছ ক্লাবৰ সদস্য সকলে আৰ্শীবাদ কামনা কৰে ৷ পহিলা বহাগৰ দিনা প্ৰেছ ক্লাবৰ এনে আদৰণীয় পদক্ষেপক সম্বৰ্দ্ধীত নাগৰিকসকলৰ লগতে কাকপথাৰ অঞ্চলৰ সকলো সচেতন লোকে শলাগ লয় ৷