অসম

assam

ETV Bharat / state

Bagane Bagane Congress Campaign : উজনিৰ চাহ বাগিচাত হেৰুওৱা ভেটি উদ্ধাৰ অভিযানত নামিব প্ৰদেশ কংগ্ৰেছ; 27 আগষ্টৰ পৰা আৰম্ভ হ'ব অভিযান

আগন্তুক লোকসভা নিৰ্বাচনক লক্ষ্য কৰি উজনি আৰু উত্তৰ অসমৰ বাগিচাই বাগিচাই কাৰ্যসূচী গ্ৰহণ কৰিব প্ৰদেশ কংগ্ৰেছে ৷ এই মাহজোৰা অভিযান অহা 27 আগষ্ট তাৰিখে ডুমডুমা বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰূপাই চাহ বাগিচাৰ পৰা আৰম্ভ হ’ব ৷

Preparatory Meeting of APCC in Tinsukia
তিনিচুকীয়াত প্ৰদেশ কংগ্ৰেছৰ বিশেষ সভা

By

Published : Aug 11, 2023, 10:21 PM IST

বাগিছাই বাগিছাই কাৰ্যসূচী গ্ৰহণ কৰিব প্ৰদেশ কংগ্ৰেছে

তিনিচুকীয়া, 11 আগষ্ট : উজনিৰ লগতে উত্তৰ অসমৰ চাহ বাগিচাত হেৰুওৱা খোপনি পুনৰ উদ্ধাৰ অভিযানত নামিবলৈ পৰিকল্পনা যুগুত কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ৷ এসময়ত কংগ্ৰেছৰ ভোটবেংক হিচাপে পৰিচিত চাহ বাগিচাসমূহত শাসকীয় বিজেপি দলে খোপনি পোতাত কংগ্ৰেছ দলৰ চৰকাৰ গঠনৰ সপোন তচনচ হৈ পৰে ৷ এনে প্ৰেক্ষাপটত হেৰুওৱা ভেটি উদ্ধাৰ কৰিবলৈ দলটোৱে কঁকালত টঙালি বান্ধিছে ৷

আগন্তুক লোকসভা নিৰ্বাচনক লক্ষ্য কৰি উজনিৰ তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, যোৰহাট আৰু গোলাঘাট জিলাৰ লগতে উত্তৰ অসমৰ লখিমপুৰ, শোণিতপুৰ আৰু বিশ্বনাথ জিলাৰ বাগিচাই বাগিচাই কাৰ্যসূচী গ্ৰহণ কৰিব প্ৰদেশ কংগ্ৰেছে ৷ চাহ বাগিছাসমূহত কংগ্ৰেছৰ অৱদান, চাহ শ্ৰমিকৰ বিভিন্ন সমস্যা আৰু ভৱিষ্যত পৰিকল্পনা হাতত লৈ বাগিচাই বাগিচাই পৰিভ্ৰমণ কৰিব কংগ্ৰেছৰ নেতা-পালিনেতা ৷

দলটোৰ বিধায়ক, প্ৰাক্তন বিধায়ক, পৰাজিত প্ৰাৰ্থী আৰু সাম্ভাব্য প্ৰাৰ্থীৰ লগতে ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ নেতৃবৰ্গক লৈ ইতিমধ্যে এই অভিযানৰ বাবে গঠন কৰা হৈছে 30 খন উপ-সমিতি ৷ এই উপ-সমিতিসমূহে মুঠ পাঁচটা লোকসভা সমষ্টিৰ চাহ বাগিচাসমূহ স্পৰ্শ কৰিব ৷ অসম চাহ মজদুৰ চাহ জনগোষ্ঠীয় আদিবাসী কোষৰ সহযোগত আৰম্ভ কৰিবলগা এই মাহজোৰা অভিযান অহা 27 আগষ্ট তাৰিখে ডুমডুমা বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰূপাই চাহ বাগিছাৰ পৰা আৰম্ভ হ’ব ৷ লগতে অহা 24 ছেপ্তেম্বৰ তাৰিখে নাওবৈচা সমষ্টিৰ চিলনিবাৰী চাহ বাগিচাত সামৰণি পৰিব বুলি শুকুৰবাৰে তিনিচুকীয়াত উপস্থিত হোৱা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই সাংবাদিকক জানিবলৈ দিয়ে ৷

সভাপতিগৰাকীৰ লগত আজি সহযোগ কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, প্ৰাক্তন সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী পৱন সিং ঘাটোৱাৰ, প্ৰাক্তন মন্ত্ৰী পৃথ্বী মাঝি আৰু এটোৱা মুণ্ডা, তিনিচুকীয়া জিলা কংগ্ৰেছৰ সভাপতি প্ৰণৱ বৰুৱা আদিয়ে ৷

লগতে পঢ়ক :Constituency Delimitation: সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত তালিকা প্ৰকাশ; 19 টা বিধানসভা সমষ্টিৰ নাম সলনি

ABOUT THE AUTHOR

...view details