তিনিচুকীয়া, ২৬ ছেপ্টেম্বৰ: তিনিচুকীয়া জিলাৰ আয়ুক্ত স্বপ্নীল পালৰ সভাপতিত্বত আজি আগন্তুক শাৰদীয় দুৰ্গা পূজা উদযাপন সন্দৰ্ভত পূজা সমিতিসমূহৰ প্ৰতিনিধিৰ সৈতে এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় । জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই সভাত দুৰ্গা পূজা উদযাপনৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰা হয় । আয়ুক্ত স্বপ্নীল পালে দুৰ্গোৎসৱ সূচাৰুৰূপে উদযাপন কৰাৰ বাবে সকলোৰে সহায়-সহযোগিতা কামনা কৰে ।
জিলা আয়ুক্তগৰাকীয়ে সকলো পূজা সমিতিকে পূজা অনুষ্ঠিত কৰিবৰ বাবে প্ৰশাসনৰ পৰা আগতীয়াকৈ অনুমতি লোৱাৰ লগতে বিদ্যুৎ বিভাগ আৰু অগ্নিনিৰ্বাপক বাহিনীৰ এনঅচি ল'বলৈ আহ্বান জনায় । প্ৰতিখন পূজা উদযাপন সমিতিয়ে পূজা মণ্ডপ নিৰ্মাণ কৰোতে ৰাজহুৱা বাট-পথ যাতে আৱদ্ধ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ আৰু পূজা মণ্ডপত পৰ্যাপ্ত সংখ্যক স্বেচ্ছাসেৱক নিয়োগ কৰাৰ লগতে স্বেচ্ছাসেৱকসকলৰ নাম নিকটৱৰ্তী আৰক্ষী চকীত জমা দিবলৈ আহ্বান জনায় । তদুপৰি প্ৰতিটো পূজাথলীত চিচি টিভি কেমেৰা সংস্থাপনৰ লগতে পুৰুষ-মহিলাৰ বাবে পৃথকৈ প্ৰৱেশ আৰু প্ৰস্থানৰ ব্যৱস্থা বাঞ্ছনীয় বুলি উল্লেখ কৰে ।
পূজা মণ্ডপত অগ্নি নিৰ্বাপনৰ জৰুৰীকালীন ব্যৱস্থা ৰখাৰ লগতে জৰুৰীকালীন নম্বৰসমূহ দৰ্শনাৰ্থীৰ নজৰত পৰাকৈ ৰখাটো জৰুৰী বুলিও তেওঁ কয় । জিলা আয়ুক্ত স্বপ্নীল পালে প্ৰতিখন পূজা উদযাপন সমিতিক প্ৰদূষণমুক্ত আৰু পৰিবেশ অনুকূল দুৰ্গোৎসৱ উদযাপনৰ বাবে সংকল্পবদ্ধ হ'বলৈ আহ্বান জনায় । প্ৰতিখন পূজা মণ্ডপত পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰখি পৰ্যাপ্ত ডাষ্টবিন ৰাখিবলৈ আৰু প্লাষ্টিকজাতীয় সামগ্ৰীৰ ব্যৱহাৰৰ পৰা বিৰত থকিবলৈয়ো জিলা আয়ুক্তই আহ্বান জনায় ।