অসম

assam

ETV Bharat / state

Meri Mitti Meri Desh: অমৃত কলহ যাত্ৰাত কোনো যাতে বাদ নপৰে সেয়া সুনিশ্চিত কৰিবলৈ আহ্বান - Amrit Batika in New Delhi

তিনিচুকীয়াত 'মোৰ মাটি মোৰ দেশ' অভিযানৰ অধীনত 'অমৃত কলহ যাত্ৰা' কাৰ্যসূচী সন্দৰ্ভত জিলা আয়ুক্তৰ সভা । 'মোৰ মাটি মোৰ দেশ' অভিযানৰ অধীনত অনুষ্ঠিত হ'ব এই 'অমৃত কলহ যাত্ৰা' কাৰ্যসূচী ।

Amrit Batika in New Delhi
নতুন দিল্লীত অমৃত বাটিকা

By ETV Bharat Assamese Team

Published : Sep 19, 2023, 9:59 AM IST

তিনিচুকীয়া, ১৯ ছেপ্টেম্বৰ: তিনিচুকীয়াৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত সোমবাৰে আয়ুক্ত স্বপ্নীল পালৰ সভাপতিত্বত 'মোৰ মাটি মোৰ দেশ' অভিযানৰ অধীনত অনুষ্ঠিত হ'বলগীয়া 'অমৃত কলহ যাত্ৰা' কাৰ্যসূচী সন্দৰ্ভত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় । জিলাখনৰ আটাইকেইটা উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়াসকল, আটাইকেইখন পৌৰসভাৰ কাৰ্যবাহী বিষয়াসকলৰ লগতে সংশ্লিষ্ট বিভাগৰ বিষয়া তথা প্ৰতিনিধিসকলৰ উপস্থিতিত অনুষ্ঠিত এই সভাত জিলা আয়ুক্তগৰাকীয়ে 'অমৃত কলহ যাত্ৰা' কাৰ্যসূচী সন্দৰ্ভত বিতংভাৱে বৰ্ণনা কৰে ।

তেওঁ এই 'অমৃত কলহ যাত্ৰা' কাৰ্যসূচী যাতে জিলাখনত সুচাৰুৰূপে অনুষ্ঠিত হয় তাৰ বাবে খণ্ড উন্নয়ন বিষয়াসকলৰ লগতে পৌৰসভাৰ কাৰ্যবাহী বিষয়াসকল আৰু অন্যান্য সংশ্লিষ্ট বিভাগসমূহক যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনায় । উল্লেখযোগ্য যে, 'মোৰ মাটি মোৰ দেশ' অভিযানৰ অধীনত অনুষ্ঠিত হ'বলগীয়া এই 'অমৃত কলহ যাত্ৰা' কাৰ্যসূচীত সমগ্ৰ দেশ তথা ৰাজ্যৰ লগতে তিনিচুকীয়া জিলাৰ অন্তৰ্গত প্ৰতিটো ৰাজহ গাঁৱৰ উপৰি পৌৰসভাৰ প্ৰতিটো ৱাৰ্ডৰ অন্তৰ্গত প্ৰতিটো পৰিয়ালৰ পৰা এমুঠিমান মাটি অথবা চাউল সংগ্রহ কৰা হ'ব ।

ইয়াৰ পাছতে এই মাটি/চাউল ক্ৰমান্বয়ে প্ৰতিটো গাঁও পঞ্চায়ত/পৌৰসভা, প্ৰতিটো উন্নয়নখণ্ড তাৰ পিছত ৰাজ্যিক পৰ্যায়ত আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত দেশৰ ৰাজধানী নতুন দিল্লীলৈ লৈ যোৱা হ'ব । নতুন দিল্লীৰ 'National War Memorial' ৰ সমীপত নিৰ্মাণ হ'বলগীয়া 'অমৃত বাটিকা'ত (উদ্যান) এই মাটি ব্যৱহাৰ কৰা হ'ব ।

জিলা আয়ুক্ত স্বপ্নীল পালে উপস্থিত বিষয়াসকলক এই 'অমৃত কলহ যাত্ৰা' কাৰ্যসূচীত জিলাখনৰ ৰাজহ গাঁও সমূহৰ লগতে পৌৰসভাৰ অন্তৰ্গত কোনো এটা পৰিয়ালেই যাতে বাদ নপৰে সেয়া সুনিশ্চিত কৰিবলৈ আহ্বান জনায় । উক্ত সভাত তিনিচুকীয়া জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া গুৰনেইল সিং, অতিৰিক্ত জিলা আয়ুক্ত পংকজ নাগবংশী, তিনিচুকীয়া সদৰ মহকুমাধিপতি নুজহত নছৰিন প্ৰমুখ্যে অন্যান্য বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে ।

লগতে পঢ়ক:Urea fertilizer scam: দুই হেজাৰোধিক মেট্ৰিকটন ইউৰিয়া কেলেংকাৰীৰ তদন্তৰ ফলাফল আজিও নোলাল !

ABOUT THE AUTHOR

...view details