তিনিচুকীয়া,১২ এপ্ৰিল: চেনেহৰ ব'হাগৰ বিহুলৈ মাজত মাথোঁ এটা দিন বাকী (Rangali Bihu 2023) ৷ বহা’গৰ বিহুৰ আগমনৰ বতৰা পোৱাৰ পাচতে ব্যস্ততা বাঢ়িছে বিহুৱা-নাচনী, শিপিনীৰ (Preparations for Rongali Bihu) । সমানে ব্যস্ততা বাঢ়িছে তিনিচুকীয়া গুইজানৰ পিঠা বাইদেউৰ ৷ গুইজানৰ ৫৬ বছৰীয়া প্ৰেমপ্ৰভা গগৈক সকলোৱে জানে পিঠা বাইদেউ বুলি । কিয়নো বাইদেৱে ২০০১ চনৰ পৰাই বিহুৰ সময়ত ৰাইজক যোগান ধৰি আহিছে ভিন্ন সোৱাদৰ পিঠা (Premprabha Gogoi busy preparing Bihu pitha in Tinsukia) ৷
একপ্ৰকাৰে ক’বলৈ গ’লে একাংশৰ বিহুৰ সময়ত যেন পিঠা বাইদেউ নহ’লে নহয় বিহু ৷ পিঠা বাইদেৱে পিঠা প্ৰস্তুত কৰি নিজে স্বাৱলম্বী হোৱাৰ লগতে স্থানীয় ১৭ গৰাকীকৈ মহিলা-যুৱতীক দি আহিছে সংস্থাপনৰ পথ ৷ বজাৰত এতিয়া প্ৰতিবিধ প্ৰয়োজনীয় সামগ্ৰীৰে দাম যথেষ্ট বৃদ্ধি হোৱাৰ কাৰণে ১০টা থকা এটা পিঠা পেকেটৰ মূল্য ৮০ টকাকৈ বিক্ৰী কৰিছে (Self-reliant Premprabha Gogoi by making pitha) ৷
২০০১ চনত আৰম্ভণিৰ সময়ত ১ টা পিঠা ২ টকাকৈ বিক্ৰী কৰিছিল ৷ এতিয়া যিহেতু এক লিটাৰ কেৰাচিন তেলৰ দাম ১০০ টকা হৈ গ’ল, লগতে তিলৰো যথেষ্ট দাম বৃদ্ধি হৈছে ৷ গতিকে কিছু দাম বঢ়াবলৈ বাধ্য হৈ পৰিছে বাইদেউ ৷ প্ৰেমপ্ৰভা গগৈয়ে ব'হাগ বিহু আৰু মাঘ বিহুৰ প্ৰায় তিনি মাহ মান আগৰ পৰাই তিল পিঠা, ঘিলা পিঠা, তিলৰ লাড়ু, গুৰৰ লাড়ু, নিমকি, পকা মিঠৈ, বগা তিলৰ লাড়ু, চিৰা লাড়ু, আখৈ, সান্দহ যথেষ্ট প্ৰস্তুত কৰিব লগা হয় ।