তিনিচুকীয়া, ৯ ফেব্ৰুৱাৰী :ক্ষমতাকেন্দ্ৰিক যুঁজত ৬ মাহে অচল হৈ পৰিছে তিনিচুকীয়া পৌৰসভা । মন কৰিবলগীয়া যে কেইমাহমান পূৰ্বে অনুষ্ঠিত হৈছিল তিনিচুকীয়া পৌৰসভা নিৰ্বাচন আৰু ১৫ টা ৱাৰ্ডৰ ১৩ টা ৱাৰ্ডতে বিজেপি প্ৰাৰ্থীয়ে জয়লাভ কৰি তিনিচুকীয়া পৌৰসভা দখল কৰিবলৈ সক্ষম হৈছিল (Tinsukia municipality election results)। ইফালে স্থানীয় বিধায়ক তথা শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণৰ আশীৰ্বাদত নিশাটোৰ ভিতৰতে ৯ নং ৱাৰ্ডৰ পৰা জয়ী হৈ অহা পুৰণি বিজেপি কৰ্মী জয়ন্ত বৰুৱাক পৌৰপতিৰ দায়িত্ব প্ৰদান কৰা হৈছিল ।
কিন্তু পৌৰসভা গঠন হোৱাৰ ১ মাহ সম্পূৰ্ণ নৌহওঁতেই মহানায়কলৈ পৰিণত হোৱা জয়ন্ত বৰুৱা আৰু শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণৰ মাজত হোৱা সংঘাতে পৌৰসভাৰ ভিতৰচ'ৰা উত্তপ্ত কৰিবলৈ আৰম্ভ কৰিলে । ফলস্বৰূপে জয়ন্ত বৰুৱাৰ বিৰুদ্ধে অনাস্থা অনাৰ ষড়যন্ত্ৰ চলিল আৰু কাৰ্যতঃ শেষলৈ জয়ন্ত বৰুৱাক পৌৰপতিৰ আসনৰ পৰা আঁতৰাই দিয়া হ'ল । ক্ষমতাকেন্দ্ৰিক যুঁজখনৰ তাতেই অন্ত নপৰিল (Power centric fight in Tinsukia municipality)।
জয়ন্ত বৰুৱাক ক্ষমতাৰ পৰা আঁতৰোৱা হ'ল যদিও আজিলৈকে ক্ষমতাৰ অঁৰিয়া-অঁৰি তথা ল'বীকেন্দ্ৰিক যুঁজখনৰ বাবেই আজিলৈকে তিনিচুকীয়া পৌৰসভাৰ পৌৰপতি, উপ-পৌৰপতি বাছনি কৰাত বিফল হৈছে বিজেপিৰ জিলা আৰু ৰাজ্যিক নেতৃত্ব । মন্ত্ৰী সঞ্জয় কিষাণক সন্তুষ্ট কৰিব নোৱৰাৰ বাবেই জয়ন্ত বৰুৱাক ক্ষমতাৰ প্ৰয়োগেৰে প্ৰেক্ষাপটৰ পৰা আঁতৰাই পঠোৱা হ'ল যদিও ক্ষমতাকেন্দ্ৰিক যুঁজ-বাগৰৰ অন্ত নপৰাৰ বাবেই আজিলৈকে তিনিচুকীয়া পৌৰসভা এগৰাকী পৌৰপতি অবিহনে অচল হৈ পৰি আছে ।
আনহাতে, এই পৌৰপতিৰ ক্ষমতাকেন্দ্ৰিক যুঁজখনত পোহৰলৈ আহিছে আছুৰ প্ৰাক্তন উপ-সভাপতি পুলক চেতিয়া আৰু পবিত্ৰ গগৈৰ নাম । কিন্তু সমগ্ৰ নাটকখনত মুখ্য ভাৱৰীয়াৰ ভূমিকা পালন কৰা তিনিচুকীয়াৰ স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী সঞ্জয় কিষাণ বেয়াকৈ ব্যৰ্থ হৈছে ৷ তিনিচুকীয়া পৌৰসভাৰ এনে খামখেয়ালি আৰু ভিতৰচ'ৰাৰ উত্তপ্ত ৰাজনীতিৰ মাজত স্তব্ধ হৈ পৰিছে চহৰখনৰ উন্নয়ন ।