অসম

assam

ETV Bharat / state

Tea garden model school:পাৱৈ চাহ বাগিচা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয় উদ্বোধন - Tea garden model school

তিনিচুকীয়াৰ পাৱৈ চাহ বাগিচা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শুভ উদ্বোধন পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰনজিৎ কুমাৰ দাসৰ ৷ বিদ্যালয়খন উদ্বোধন কৰি কয় যে চাহ বাগিচা অঞ্চলত শিক্ষাৰ সোণালী যুগৰ সূচনা হৈছে ।

Minister Ranjit Kumar Das inaugurated school
তিনিচুকীয়াৰ পাৱৈ চাহ বাগিচা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়

By

Published : Jun 20, 2023, 8:44 PM IST

তিনিচুকীয়া, ২০ জুন:পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী ৰনজিৎ কুমাৰ দাসে মঙলবাৰে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ পাৱৈ চাহ বাগিচা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ শুভ উদ্বোধন কৰে । ইয়াৰ সৈতে সংগতি ৰাখি মন্ত্ৰী ৰনজিৎ কুমাৰ দাসে ফলক উদ্বোধন কৰাৰ লগতে বিদ্যালয়ৰ চৌহদত বৃক্ষৰোপন কৰে । মন্ত্ৰীগৰাকীয়ে বিদ্যালয়খন পৰিদৰ্শন কৰি আন্তঃগাঁথনিৰ বুজ লোৱাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে উপলব্ধ সা-সুবিধাৰো বুজ লয় ।

বিদ্যালয়ৰ শুভ উদ্বোধনী কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰী ৰনজিৎ কুমাৰ দাসে অসমৰ চাহ বাগিচা অঞ্চলত শিক্ষাৰ সোণালী যুগৰ সূচনা হৈছে বুলি উল্লেখ কৰে । মন্ত্ৰীগৰাকীয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে চাহ বাগিচা অঞ্চলত শিক্ষাৰ উত্তোৰণৰ বাবে শৈক্ষিক আন্ত:গাঁথনি বৃদ্ধিৰ লক্ষ্যৰে যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিছে বুলিও উল্লেখ কৰে । বাগিচাসমূহৰ কণ কণ শিশু তথা নৱ প্ৰজন্ম শিক্ষিত হ'লেহে অসমখনৰ সৰ্বাংগীন বিকাশ সম্ভৱপৰ বুলি মন্ত্ৰীগৰাকীয়ে কয় ৷

তেওঁ চাহ বাগিচাৰ শিশুসকলৰ অভিভাৱকসকলক নিজৰ শিশুটিক শিক্ষাৰ পোহৰৰ পৰা বঞ্চিত নকৰিবলৈও আহ্বান জনায় । তিনিচুকীয়া জিলাৰ উপায়ুক্ত স্বপ্নীল পালে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চাহ বাগিচাসমূহত শৈক্ষিক উত্তোৰণৰ দিশত স্বৰ্ণীল ইতিহাসৰ সুচনা হৈছে বুলি উল্লেখ কৰে । চাহ বাগিচাৰ কণকণ শিশু তথা নৱপ্ৰজন্মক গুণগত শিক্ষা প্ৰদান কৰি দেশৰ সুযোগ্য নাগৰিক হিচাপে গঢ়ি তোলাত এই আদৰ্শ বিদ্যালয়সমূহে উল্লেখযোগ্য অৰিহণা যোগাব বুলি মন্তব্য আগবঢ়ায় । বিদ্যালয় কৰ্তৃপক্ষ, বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়বৱীয়া তথা স্থানীয় ৰাইজক বিদ্যালয়খন সুচাৰুৰূপে পৰিচালনা কৰিবলৈ তেওঁ আহ্বান জনায় ।

আজিৰ এই উদ্বোধনী কাৰ্যসূচীত ডিগবৈ বিধানসভা সমষ্টিৰ বিধায়ক সুৰেণ ফুকন, মাৰ্ঘেৰিটা মহকুমাৰ মহকুমাধিপতি প্ৰীতি কুমাৰী, হাউছিং ব'ৰ্ডৰ উপাধ্যক্ষ সুভাষ দত্ত, মাৰ্ঘেৰিটা মহকুমাৰ নিৰ্বাচনী বিষয়া অদিতি নেওগ, বিদ্যালয় পৰিদৰ্শক বিতুপন হাজৰিকা, পাৱৈ চাহ বাগিচা আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ বিনোদ কোৱঁৰ, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ৰিমঝিম বৰুৱা আদি উপস্থিত থাকে ।

লগতে পঢ়ক:Unnatural death of fish in Nalbari: নলবাৰীত মৰিছে শ শ মাছ !

For All Latest Updates

ABOUT THE AUTHOR

...view details