অসম

assam

ETV Bharat / state

মদ-জুৱাৰ আড্ডাস্থলীলৈ ৰূপান্তিত হৈছে তিনিচুকীয়াৰ বি আৰ আম্বেদকাৰ ভৱন - B R Ambedkar Bhawan neglected in Tinsukia

২০১৬ বৰ্ষতে আধাৰশিলা নিৰ্মাণ কৰা তিনিচুকীয়া জিলাৰ দহোটীয়াচুকৰ ড৹ বি.আৰ. আম্বেদকাৰ ভৱনৰ খবৰ ল’বলৈ আহৰি পোৱা নাই জনপ্ৰতিনিধি অথবা বিভাগীয় কৰ্তৃপক্ষই ৷ হাবি-জংঘলেৰে আৱৰি ধৰা ভৱনটো পৰ্যবসিত হৈছে মদ-জুৱাৰ আড্ডাস্থলীত (B R Ambedkar Bhawan neglected in Tinsukia)৷

B R Ambedkar Bhawan in Tinsukia
মদ-জুৱাৰ আড্ডাস্থলীলৈ ৰূপান্তিত হৈছে বি আৰ আম্বেদকাৰ ভৱন

By

Published : Apr 11, 2022, 9:07 PM IST

তিনিচুকীয়া, 11 এপ্ৰিল: এটা কোটিটকীয়া ভৱনত এতিয়া কেৱল মদ আৰু জুৱাৰ আড্ডা ৷ নিৰ্মাণৰত অৱস্থাতে জংঘলে আৱৰি ধৰিছে ভাৰতীয় সংবিধান প্ৰণেতাক শ্ৰদ্ধা জনাই নিৰ্মাণ কৰা বিলাসী গৃহটো (B R Ambedkar Bhawan in Tinsukia)৷ ২০১৬ বৰ্ষতে আধাৰশিলা নিৰ্মাণ কৰা তিনিচুকীয়া জিলাৰ দহোটীয়াচুকৰ ড৹ বি.আৰ. আম্বেদকাৰ ভৱনৰ খবৰ ল’বলৈ আহৰি পোৱা নাই জনপ্ৰতিনিধি অথবা বিভাগীয় কৰ্তৃপক্ষই ৷ ফলত নিৰ্মাণকাৰ্য স্থবিৰ হৈ থকা ভৱনটো সম্প্ৰতি মদ আৰু জুৱাৰ আড্ডাস্থলীলৈ পৰিণত হৈছে ৷

তিনিচুকীয়া জিলাৰ দহোটীয়াচুকত নিৰ্মাণ হৈ থকা ড৹ বি.আৰ. আম্বেদকাৰ ভৱন নিৰ্মাণত উত্থাপিত হৈছে ব্যাপক দুৰ্নীতিৰ অভিযোগ । ভৈয়াম জনজাতি কল্যাণ দপ্তৰৰ(Department of Welfare of Plain Tribes & Backward Classes) অধীনত স্থাপন কৰা ভৱনটোৰ নিৰ্মাণকাৰ্য আজি ৭ টাকৈ বছৰৰ পিছতো সম্পূৰ্ণ নহ'ল । বিপৰীতে ভৱনটো এতিয়া মদ, জুৱাৰ আড্ডাস্থলীলৈ পৰিণত হোৱাৰ লগতে ভৱনটো পৰিণত হৈছে ভূত বাংলালৈ ।

ভৱনটো নিৰ্মাণ কৰি থকা স্থানক লৈও উত্থাপিত হৈছে অভিযোগ ৷ এই স্থানত পূৰ্বে এখন ৰাজহুৱা শ্মশান থকাৰ পিছতো কিদৰে আৰু কাৰ অনুমতিত অন্য এটা প্ৰকল্প আৰম্ভ কৰিলে তাক লৈও প্ৰশ্নৰ অৱতাৰণা হৈছে ৷

মদ-জুৱাৰ আড্ডাস্থলীলৈ ৰূপান্তিত হৈছে বি আৰ আম্বেদকাৰ ভৱন

২০১৬ চনতে তদানীন্তন বিধায়ক ৰাজেন্দ্ৰ প্ৰসাদ সিং আৰু তিনিচুকীয়া জিলাৰ অতিৰিক্ত উপায়ুক্ত পি.কে. গগৈয়ে উন্মোচন কৰিছিল ভৱনটোৰ । পিছে আজিও ভৱনটো উন্মোচন কৰিব পৰাকৈ সাজু হৈ নুঠিল ৷ বিপৰীতে ভাঙি ছিঙি উৱঁলি যোৱাৰহে উপক্ৰম হৈছে ভৱনটো । নাম ফলক এখনো নথকা ভৱনটো জুৱাৰী আৰু মদাহীৰ আড্ডাস্থলীলৈ ৰূপান্তৰিত হোৱাত ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় লোকে ৷

হয়তো আগন্তুক 14 এপ্ৰিলত চৰকাৰে ভাৰতবৰ্ষৰ সংবিধান প্ৰণেতাগৰাকীক সুঁৱৰি জাকজমকতাৰে পালন কৰিব আম্বেদকাৰ জয়ন্তী (Ambedkar Jayanti celebration) ৷ কিন্তু প্ৰকৃতাৰ্থত মহান ভাৰতীয়গৰাকীৰ প্ৰতি বিজেপি নেতৃত্বাধীন চৰকাৰৰ কিমান সন্মান সেয়া এই ভৱনটোৰ দুৰৱস্থাই প্ৰমাণ কৰিছে ৷

লগতে পঢ়ক:কি কি সিদ্ধান্ত ল'লে আজিৰ কেবিনেটে

ABOUT THE AUTHOR

...view details