ডুমডুমা,11 জুন : ডুমডুমাৰ ফিল’বাৰীৰ নাজিৰাটিঙৰ ময়লাজান নৈ(moylajan river)ত আজিও নিৰ্মাণ নহ’ল এখন দলং ৷ বাৰিষাৰ আৰম্ভণিতেই বাঢ়নী পানীত উটি গ’ল ৰাইজে নিৰ্মাণ কৰা সাঁকো । চৰকাৰ তথা জনপ্ৰতিনিধিক বাৰম্বাৰ আবেদন জনোৱাৰ পাচতো তিনিচুকীয়া জিলা(tinsukia district)ৰ ফিল’বাৰী অঞ্চলৰ নাজিৰাটিং গাঁৱৰ ৰাইজে ময়লাজান নৈৰ ওপৰত অস্থায়ীভাৱে নিৰ্মাণ কৰা বাঁহৰ সাঁকোৱেদি পাৰ হৈ প্ৰায় 4 কিলোমিটাৰ দৈৰ্ঘৰ এটি জৰাজীৰ্ণ পথেৰেই অব্যাহত ৰাখিছিল বহিঃবিশ্বৰ সৈতে সংযোগ ।
কিন্তু দুৰ্ভাগ্যজনকভাৱে ৰাইজে নিৰ্মাণ কৰি লোৱা সাঁকোখন চলিত বাৰিষাৰ প্ৰথমজাক বৰষুণৰ বাঢ়নী পানী(flood)ৰ সোঁতে উটুৱাই নিয়ে ৷ যাৰ ফলস্বৰূপে ৰাইজৰ পোনপটীয়া যোগাযোগ ব্যাহত হৈ পৰে ৷ ইয়াৰ পাচতে প্ৰায় 6 কিলোমিটাৰ বক্ৰপথ অতিক্ৰম কৰিবলগীয়া হৈছে ভুক্তভোগী ৰাইজে ।