অসম

assam

ETV Bharat / state

অনাহাৰে দিন পাৰ কৰিছে হোম-কোৱাৰেন্টাইনত আৱদ্ধ চাহ শ্ৰমিকে - covid protocol

ৰাজ্যৰ অৰ্থনীতিলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়োৱা চাহ শ্ৰমিক সকলৰ জীৱনলৈ নামি আহিছে অমানিশা ৷ শেহতীয়াকৈ কৰ’ণা মহামাৰীয়ে ৰাজ্যৰ চাহ বাগান সমূহত ব্যাপকভাৱে প্ৰভাৱ পেলোৱাৰ সময়তে তিনিচুকীয়া জিলাৰ হুকানগুৰি চাহ বাগিচা খনৰ হোম-কোৱাৰেন্টাইনত আৱদ্ধ হৈ থকা চাহ শ্ৰমিক সকলে পেটৰ ভোকত পাৰ কৰিছে বিনিদ্ৰ ৰজনী ৷

poor-condition-of-home-quarantined-tea-workers
অনাহাৰে দিন পাৰ কৰিছে হোম-কোৱাৰেন্টাইনত আৱদ্ধ চাহ শ্ৰমিকে

By

Published : May 29, 2021, 3:36 PM IST

তিনিচুকীয়া, 29 মে’:সমগ্ৰ দেশৰ লগতে অসমতো ক'ৰ'ণা মহামাৰীয়ে ব্যাহত কৰিছে জনজীৱন । দিশহাৰা হৈ পৰিছে সাধাৰণ জনতা। মহামাৰীক ৰোধ কৰিবলৈ ইখনৰ পিছত সিখন নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে। তথাপি প্ৰতিদিনে দ্ৰুতগতিত বৃদ্ধি পাইছে ক'ভিড আক্ৰান্ত লোকৰ সংখ্যা তাৰ সমান্তৰালভাৱে বৃদ্ধি পাইছে ৰোগীৰ মৃত্যু সংখ্যাও ।

এই সংকটপূৰ্ণ অৱস্থাত ৰাজ্যখনৰ অৰ্থনীতিতো যথেষ্টখিনি প্ৰভাৱ পৰা দেখা গৈছে । উল্লেখযোগ্য যে, এখন চাহ প্ৰধান ৰাজ্য হিচাপে অসমৰ অৰ্থনীতিৰ উন্নীতকৰণ ক্ষেত্ৰত চাহ উৎপাদনে যথেষ্ট খিনি ভূমিকা পালন কৰি আহিছে। ইয়াৰ সৈতে সমান্তৰালভাৱে জড়িত হৈ আছে চাহ শ্ৰমিক সকলৰ কষ্ট,ত্যাগ আৰু বলিদানৰ প্ৰশ্ন ।

অনাহাৰে দিন পাৰ কৰিছে হোম-কোৱাৰেন্টাইনত আৱদ্ধ চাহ শ্ৰমিকে

মন কৰিব লগীয়া যে, বৰ্তমান ৰাজ্যৰ বিভিন্ন চাহ বাগিচা সমূহত ক'ৰ'ণা সংক্ৰমণে তীব্ৰতৰ ৰূপ ধাৰণ কৰিছে ৷ এনে সময়তে, তিনিচুকীয়া জিলাৰ হুকানগুৰি চাহ বাগিচা খনৰ চাহ শ্ৰমিক সকলৰ দুৰৱস্থাই চূড়ান্ত ৰূপ পাইছে ৷ বাগিছাখনৰ হোম-কোৱাৰেন্টাইনত আৱদ্ধ হৈ থকা ৰোগীৰ বাবে নাই কোনো কৰ্তৃপক্ষৰ সকাহ, লাগিলে সেইয়া বাগান কৰ্তৃপক্ষই হওঁক নাইবা চৰকাৰী ব্যৱস্থাই হওঁক এই সকল শ্ৰমিকক

খাদ্য ঔষধ-পাতিৰ যোগান ধৰিবলৈ যেন কাৰোৱেই আহৰি নাই। আনহে নালাগে হোম-কোৱাৰেন্টাইনত থকা লোক সকলৰ ঘৰৰ সমুখত আৰিবলৈ বেনাৰ খনৰো নাটনি হ’ল চাহ বাগিচাৰ খনৰ কৰ্তৃপক্ষৰ।

শাসনাধিষ্ঠত চৰকাৰে এই চাহ বাগিচা সমূহৰ কৰ্তৃপক্ষৰ ওপৰত কি ধৰণৰ ব্যৱস্থা লয়, নে হোম-কোৱাৰেন্টাইনৰ নামত এই সকল ৰোগীয়ে এনেদৰে পেটৰ ভোকত অনিৰ্দিষ্ট কাললৈ বিনিদ্ৰ ৰজনী কটাব লাগিব তাকেলৈ এতিয়া সচেতন মহলত বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে ৷

লগতে পঢ়ক :ক’ভিডত আক্ৰান্ত হৈ দেহাৱসান লেহোৰাম বড়োৰ

ABOUT THE AUTHOR

...view details