অসম

assam

ETV Bharat / state

বাছ আস্থান নে পিতনি ? - বিদেশী সুৰাৰ দোকান

ডুমডুমা বাছ আস্থানৰ কৰ্দযময় পৰিৱেশে জীয়াতু ভোগাইছে সাধাৰণ বাছ যাত্ৰীক ৷ বাছ আস্থানত মদৰ মুকলি আড্ডা বহাৰো অভিযোগ একাংশ যাত্ৰীৰ ৷

By

Published : May 11, 2019, 10:38 AM IST

ডুমডুমা,11 মেঃ যি সময়ত সমগ্ৰ দেশতে স্বচ্ছ ভাৰত অভিযানৰ নামত চৰকাৰে কোটি কোটি টকা খৰচ কৰিছে সেই সময়তে ডুমডুমাৰ ৰাজহুৱা বাছ আস্থানৰ কৰ্দযময় পৰিৱেশে জনসাধাৰণৰ চকু কপালত তুলিছে ৷ ডুমডুমা নগৰ সমিতিৰ আৱৰ্জনা পেলোৱা ঠাইলৈ পৰ্যবসিত হৈছে ৰাজহুৱা বাছ আস্থানটো ৷ নগৰখনৰ আৱৰ্জনাসমূহ বাছ আস্থানত পেলোৱাৰ ফলত অসুবিধাৰ সন্মুখীন হৈছে যাত্ৰীসকল ৷

বাছ আস্থান নে পিতনি ?

আনহাতে,বাছ আস্থানটোত থকা শৌচালয়ৰ অৱস্থাও অতি শোচনীয় ৷ মহিলাসকলৰ বাবে নাই কোনো সুকীয়া শৌচাগাৰৰ ব্যৱস্থা ৷ বাছ আস্থানৰ চৌহদতে আছে দুখনকৈ বিদেশী সুৰাৰ দোকান ৷ যাৰ পৰিপ্ৰেক্ষিতত বাছ আস্থানত মুকলিকৈ মদৰ আড্ডা চলাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে একাংশ যাত্ৰীয়ে ৷

ABOUT THE AUTHOR

...view details