তিনিচুকীয়া,14 ফেব্ৰুৱাৰীঃ তিনিচুকীয়া জিলাৰ পেঙেৰীত জৰাজীৰ্ণ ৰূপ লৈছে এখন দলঙে ৷ টেকেৰী-জাগুণ সংযোগী পথৰ কোলাজান নদীৰ ওপৰত থকা সদা ব্যস্ত দলঙখনৰ এই ৰূপ চকুত পৰা কোনো জন-প্ৰতিনিধিৰ ৷ কাঠ-বাঁহৰ দলঙখনৰ ওপৰেৰে বিপদ সংকুলভাৱে অব্যাহত আছে যাতায়ত ৷ দলঙখনে যিকোনো সময়তে কঢ়িয়াই আনিব পাৰে ভয়ংকৰ বিপদ । এই ভঙা দলঙখনৰ ওপৰেদি নিতৌ বিপদ সংকুলভাৱে যাতায়ত কৰে কণ কণ শিশুকে ধৰি বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ৷ সাধাৰণ পথচাৰীসকলেয়ো একেই পথ ব্যৱহাৰ কৰে ।
জৰাজীৰ্ণ ৰূপত তিনিচুকীয়াৰ টেকেৰী-জাগুণ সংযোগী দলং
তিনিচুকীয়া জিলাৰ পেঙেৰীত জৰাজীৰ্ণ ৰূপ লৈছে এখন দলঙে ৷ টেকেৰী-জাগুণ সংযোগী পথৰ কোলাজান নদীৰ ওপৰত থকা সদা ব্যস্ত দলঙখনৰ এই ৰূপ চকুত পৰা কোনো জন-প্ৰতিনিধিৰ ৷ সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত বিধায়কজনে দেখুওৱা এই ভূমিকাত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে গাঁৱবাসীয়ে ৷ ৰাইজে টেকেৰী-জাগুণ সংযোগী অতি গুৰুত্বপূৰ্ণ দলংখন শীঘ্ৰে পকীকৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট বিভাগৰ ওচৰত দাবী জনাইছে ।
সঘনাই গাঁৱে-ভূঞে ব্যাপক উন্নয়নৰ শ্লোগান আওৰাই থকা চৰকাৰখনৰ পৰিৱৰ্তনৰ ঢৌৱে প্ৰকৃততে গাঁওসমূহক স্পৰ্শ কৰিব পৰা নাই ৷ ইফালে স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাই সমষ্টিৰ উন্নয়নত কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে গাঁৱবাসীয়ে ৷ সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত বিধায়কজনে দেখুওৱা এই ভূমিকাত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে গাঁৱবাসীয়ে ৷ ৰাইজে টেকেৰী-জাগুণ সংযোগী অতি গুৰুত্বপূৰ্ণ দলংখন শীঘ্ৰে পকীকৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংশ্লিষ্ট বিভাগৰ ওচৰত দাবী জনাইছে ।
লগতে চাওকঃবৰপেটাত বেকী নৈৰ গৰাখহনীয়া প্ৰতিৰোধৰ কামৰ শুভাৰম্ভ ৰঞ্জিৎ দাসৰ