তিনিচুকীয়া, 20 জুনঃবাঘজান তৈলক্ষেত্ৰ বন্ধ কৰাৰ নিৰ্দেশ জাৰি কৰিছে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে ৷ শুকুৰবাৰে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে অইলৰ মুখ্য আবাসিক কাৰ্যবাহী দিলীপ দাসলৈ প্ৰেৰণ কৰে তৈলক্ষেত্ৰ বন্ধ কৰাৰ জাননী ৷
বাঘজান তৈলক্ষেত্ৰ বন্ধৰ নিৰ্দেশ অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ - তৈলক্ষেত্ৰ বন্ধৰ নিৰ্দেশ
বাঘজান তৈলক্ষেত্ৰৰ 5 নং খাদত সংঘটিত হোৱা ভয়াৱহ অগ্নিকাণ্ডই জৈৱ বৈচিত্ৰৰে ভৰা ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আৰু মাগুৰি মতাপুং বিলৰ জলজ প্ৰাণীলৈ অহা ভাবুকিৰ কথা উল্লেখ কৰি শনিবাৰে বাঘজান তৈলক্ষেত্ৰ বন্ধ কৰাৰ নিৰ্দেশ জাৰি কৰে অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে ৷
![বাঘজান তৈলক্ষেত্ৰ বন্ধৰ নিৰ্দেশ অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ pollution control board of assam orders to close baghjan oil field](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-7699532-thumbnail-3x2-kkl.jpg)
pollution control board of assam orders to close baghjan oil field
জাননীখনত বাঘজান তৈলক্ষেত্ৰৰ 5 নং খাদত সংঘটিত হোৱা ভয়াৱহ অগ্নিকাণ্ডই জৈৱ বৈচিত্ৰৰে ভৰা ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আৰু মাগুৰি মতাপুং বিলৰ জলজ প্ৰাণীলৈ অহা ভাবুকিৰ কথা উল্লেখ ৷ এই বিষয়ে উল্লেখ কৰি সংবেদনশীল অঞ্চলটোত থকা তৈল খাদ সমূহ বন্ধ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে ৷