অসম

assam

Smuggling of crude oil: মাকুমত জব্দ তেল ভৰ্তি টেংকাৰ

By

Published : Feb 11, 2023, 2:22 PM IST

ৰাজ্যত অব্যাহত আছে খাৰুৱা তেলৰ চোৰাং বেহা (Smuggling of crude oil in Tinsukia) ৷ তিনিচুকীয়াত চোৰাং তেলৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান ৷ অভিযানকালত তিনিচুকীয়া আৰক্ষীয়ে 30 টন তেল, এখন ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় ৷

Police raid against illegal oil in tinsukia
তেলৰ চোৰাং সৰবৰাহৰ বিৰুদ্ধে তিনিচুকীয়াত অভিযান

মাকুমত জব্দ তেল ভৰ্তি টেংকাৰ

তিনিচুকীয়া, 11 ফেব্ৰুৱাৰী: অসম আৰক্ষী তথা নিৰাপত্তাৰক্ষীৰ চকুত ধূলি দি ৰাজ্যৰ মাজেৰে অব্যাহত আছে খাৰুৱা তেলৰ চোৰাং বেহা (Smuggling of crude oil in Tinsukia)। অইল ইণ্ডিয়াৰ ভুৱা নথি-পত্ৰৰ সহায়ত বহিঃৰাজ্যত বিক্ৰী কৰা হৈছে টেংকাৰে টেংকাৰে খাৰুৱা তেল । গোপন খবৰৰ ভিত্তিত অভিযান চলায় তিনিচুকীয়া আৰক্ষীয়ে মাকুম আৰক্ষীৰ স’তে লগ লাগি এখন খাৰুৱা তেলভৰ্তি টেংকাৰ জব্দ কৰে (Police raid against illegal oil in tinsukia)। অইল ইণ্ডিয়াৰ ভুৱা নথি-পত্ৰৰ সহায়ত অৰুণাচল প্ৰদেশৰ পৰা পশ্চিমবংগৰ হুগলীলৈ খাৰুৱা তেলখিনি সৰবৰাহৰ চেষ্টা চলোৱা বুলি আৰক্ষীৰ প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে । ললিত ট্ৰেডিং এণ্ড কোম্পানীৰ নামত খাৰুৱা তেলখিনি প্ৰেৰণ কৰা হৈছিল বুলি তিনিচুকীয়াৰ উপ আৰক্ষী অধীক্ষক হিৰণ্য কুমাৰ বৰাই জানিবলৈ দিয়ে ৷

উপ আৰক্ষী অধীক্ষকগৰাকীয়ে বিষয়টো সন্দৰ্ভত অধিক জানিবলৈ দি কয় যে, অৰুণাচল প্ৰদেশৰ নামচাই দিশৰ পৰা খাৰুৱা তেলভৰ্তি টেংকাৰখন পশ্চিমবংগৰ হুগলীলৈ গৈ থকা অৱস্থাতে তিনিচুকীয়া আৰু মাকুম আৰক্ষীয়ে চলোৱা যৌথ অভিযানত আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় UP 78 FT 1190 নম্বৰৰ ট্ৰাকখন ৷ ইফালে ঘটনা সন্দৰ্ভত অইল ইণ্ডিয়া লিমিটেডে মাকুম থানাত শুকুৰবাৰে দাখিল কৰিছে এক এজাহাৰ । টেংকাৰখনত প্ৰায় 30 টন খাৰুৱা তেল থকা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে ।

জব্দ কৰা টেংকাৰখনৰ তেলৰ নমুনা আৰু টেংকাৰখনৰ পৰা উদ্ধাৰ কৰা অইলৰ নথি-পত্ৰসমূহ সংমণ্ডল কাৰ্যালয় আৰু পৰীক্ষাগাৰলৈ প্ৰেৰণ কৰা হৈছে । আৰক্ষীয়ে চালকজনৰ পৰা উদ্ধাৰ কৰা নথি-পত্ৰসমূহ সম্পূৰ্ণ ভুৱা বুলি আৰক্ষীয়ে দাবী কৰিছে । ইতিমধ্যে টেংকাৰখনৰ চালক ৰাজা বাবুক আটক কৰা হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ৷ চালকজনক আটক কৰি মাৰাথন জেৰা অব্যাহত ৰখাৰ লগতে চালকৰ ফোনো জব্দ কৰিছে আৰক্ষীয়ে ৷ চালকৰ সৈতে ফোন যোগে যোগাযোগ ৰখা লোকসকলৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখা হৈছে বুলি আৰক্ষী সূত্ৰত প্ৰকাশ ।

উপ-আৰক্ষী অধীক্ষকগৰাকীয়ে অবৈধ তেল সৰবৰাহ চক্ৰ উৎখাত কৰাৰ উদ্দেশ্যৰে ডিব্ৰুগড় আৰু তিনিচুকীয়া দুয়োখন জিলাতে অভিযান চলাই থকা হৈছে বুলি জানিবলৈ দিয়ে ৷ শীঘ্ৰে এই সৰবৰাহৰ সৈতে জড়িত লোকক আটক কৰিবলৈ আৰক্ষী সক্ষম হ’ব বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে আৰক্ষীয়ে ৷ উল্লেখযোগ্য যে, কিছুদিন আগলৈকে তিনিচুকীয়াৰ বিভিন্ন প্ৰান্তত শক্তিশালী হৈ আছিল তেলচুৰি চক্ৰ ৷ আৰক্ষীৰ অহৰহ প্ৰচেষ্টাত সেয়া কিছু ৰোধ কৰিবলৈ সক্ষম হোৱা বুলি আৰক্ষীয়ে দাবী কৰি আহিছে যদিও শেহতীয়া এই ঘটনাই সমগ্ৰ বিষয়টোকে অধিক ৰহস্যৰ মাজলৈ ঠেলি দিছে ৷

আৰক্ষীয়ে এনে চোৰাং সৰবৰাহত তিনিচুকীয়াৰ পৰা গুৱাহাটীলৈ এক শক্তিশালী চক্ৰ জড়িত থকাৰ আশংকা প্ৰকাশ কৰিছে ।

লগতে পঢ়ক :Naxalites shot BJP leader : ঘৰৰ ভিতৰত প্ৰৱেশ কৰি মাওবাদীয়ে গুলীয়ালে বিজেপি নেতাক

ABOUT THE AUTHOR

...view details