ডুমডুমা, 27 জুন:তিনিচুকীয়া জিলাৰ ফিল'বাৰী আৰক্ষী থানাৰ অন্তৰ্গত মাজগাঁৱত দেওবাৰে আৰক্ষী আৰু আবকাৰী বিভাগে অবৈধ তথা মাৰাত্মক চুলাই মদৰ বিৰুদ্ধে এক অভিযান চলায় । ডুমডুমা আৰু ফিল'বাৰী আৰক্ষীৰ সহযোগত CRPF ৰ বিশাল বাহিনীক লগত লৈ গাঁওখনত আবকাৰী বিভাগে চলোৱা অভিযানত কেইবাহাজাৰ লিটাৰ চুলাই মদ ধ্বংস কৰে ।
উল্লেখযোগ্য যে, ফিল'বাৰীৰ মাজগাঁৱৰ পৰা তিনিচুকীয়া জিলাৰ বিভিন্ন অঞ্চললৈ এই অবৈধ চুলাই মদৰ ৰমৰমীয়া বেহা চলি থকাৰ গুৰুতৰ অভিযোগ বিভিন্ন সময়ত উত্থাপিত হৈ আহিছে । এই অভিযোগৰ ভিত্তিতেই শনিবাৰে ডুমডুমা আৰু ফিল'বাৰী আৰক্ষী থানাৰ লগতে ডুমডুমা আবকাৰী বিভাগৰ নেতৃত্বত মাজগাঁৱত মাৰাত্মক অবৈধ চুলাই মদৰ বিৰুদ্ধে অভিযান চলোৱা হয় ।
অভিযানকালত গাওঁখনৰ 30 ঘৰত প্ৰায় ২২ হাজাৰ লিটাৰ চুলাই মদৰ উপৰিও চুলাই প্ৰস্তুত কৰা সা-সামগ্ৰী অভিযানকাৰী দলটোৱে ধ্বংস কৰে । ইফালে, অভিযানকাৰী দলটোৰ সৈতে স্থানীয় একাংশ মহিলাৰ বাক-বিতণ্ডা হোৱা পৰিলক্ষিত হয় । উল্লেখ্য যে, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ড্ৰাগছমুক্ত অসম গঢ়াৰ কথা কোৱাৰ পাচতেই ৰাজ্যত তৎপৰ হৈছে আৰক্ষী ৷