শদিয়া, 24 জানুৱাৰী :আৰক্ষীয়ে ছাত্ৰ নেতাক আক্ৰমণ কৰা ঘটনাৰ (Police shooting student leader) বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ এই একে সময়তে তিনিচুকীয়া জিলাৰ কাকপথাৰত আৰক্ষীয়ে বিনা কাৰণত এজন ছাত্ৰ নেতাক আক্ৰমণ কৰাৰ আন এক অভিযোগ উত্থাপিত হৈছে ৷ অভিযোগ অনুসৰি, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাকপথাৰ আঞ্চলিক সমিতিৰ উপদেষ্টা মনোজ তালুকদাৰক গাড়ীৰে গৈ থকাৰ অৱস্থাত কোনো কথাৰ অৱতাৰণা নকৰাকৈ তিনিচুকীয়া ডিএচপি হেমন্ত বড়োই তীব্ৰ প্ৰহাৰ কৰে ৷
ইয়াৰ সমান্তৰালভাবে "পলা পলা, ফুট, দৌৰ মাৰ" ইত্যাদি কথাৰে ছাত্ৰ নেতাজনক ভাবুকিও প্ৰদান কৰে বিষয়া গৰাকীয়ে ৷ ইয়াৰ পিছতে পলাবলৈ দি পিছৰ পৰা গুলী কৰাৰ পৰিকল্পনা কৰা বুলি সন্দেহ হয় ছাত্ৰ নেতা গৰাকীৰ (Attempt to encounter allegation against police officer) ৷ ছাত্ৰ নেতাজনক আৰক্ষী বিষয়াজনে এনকাউন্টাৰ কৰাৰ পৰিকল্পনা কৰা বুলিও পৰৱৰ্তী সময়ত সন্দেহ প্ৰকাশ কৰে মনোজ তালুকদাৰৰ লগতে পৰিয়ালৰ লোকে ৷ এই ঘটনাই সমগ্ৰ জিলাখনতে চাঞ্চল্য বিৰাজ কৰাৰ লগতে ইয়াক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে ৷